বিষয়ঃ সমাজ বিজ্ঞান
শ্ৰেণীঃ (VI)
অধ্যায় – 5
ভূগোল অধ্যয়নৰ আহিলা: মানচিত্র.
অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন ১। (ক) মাচিত্ৰৰ উপাদান কেইবিধ কি কি?
উত্তৰ: মানচিত্ৰৰ উপাদান তিনিবিধ দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰ: প্রধান দিশ চাৰিটা হ'ল পূব, পশ্চিম, উত্তৰ, দক্ষিণ।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ: ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত দেখুৱাবলৈ এক নির্দিষ্ট অনুপাতত ইয়াক হ্রাস কবি দেখুওৱা হয়। ভূ-পৃষ্ঠৰ প্রকৃত দূৰত্বৰ অনুপাতকেই স্কেল বা মাপনী বোলে।
(ঘ) কিছু ক্ষেত্রত গোলকতকৈ মানচিত্র কিদৰে বেছি সুবিধাজনক?
উত্তৰ: পৃথিবীৰ কোনো এটা অংশ অর্থাৎ দেশ, বাজ্য, জিলা, নগৰ, গাঁও আদি অধ্যয়ন কৰিবলৈ গোলকৰ পৰিৱর্তে মানচিত্র হে অধ্যয়ন কৰিব লগা হয়। প্রাকৃতিক, বাজনৈতিক, জনসংখ্যা, যাতায়াত আদি বিভিন্ন বিষয়ৰ মানচিত্র অধ্যয়নে প্রত্যেকটো বিষয়ৰ পুংখানুপুংখ জ্ঞান দিব পাৰে, যিটো গোলক অধ্যয়নত সম্ভৱ নহয়। গোলকতকৈ মানচিত্র অলৈ-তলৈ লৈ যাবলৈ সুবিধাজনক।
(ঙ) মানচিত্র আৰু নক্সাৰ মাজত পাৰ্থক্য কি?
উত্তৰ: মানচিত্র আৰু নক্সাৰ মাজৰ পার্থক্য হ'ল:
(১) মানচিত্রত কোনো এখন ঠাইৰ সঠিক অবস্থান দেখুওৱা হয়, কিন্তু নক্সাত খুল মূল অবস্থান দেখুওৱা হয়।
(২) মানচিত্র অংকনত স্কেলৰ প্রয়োজনীয়তা অপবিহার্য। কিন্তু নক্সা অংকনৰ বাবে স্কেলৰ প্রয়োজন নাই।
(চ) মানচিত্র অধ্যয়নৰ ক্ষেত্রত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে?
উত্তৰ: কোনো এখন ঠাইৰ প্রাকৃতিক, ৰাজনৈতিক, অর্থনৈতিক আদি চিত্রসমূহৰ বিষয়েজনাত মানচিত্রত থকা সাংকেতিক চিহ্নসমূহে সহায় কৰে। সাংকেতিক চিহ্ন অবিহনে আমি ভূ-পৃষ্ঠৰ একোটকুৰা বৃহৎ অঞ্চল মানচিত্ৰৰ সৰু অংশটোত স্থাপন কৰিব নোৱাৰিম।
প্রশ্ন ২। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্রবিধ হ'ল-
(১) বতৰৰ মানচিত্র
(২) বিষয়ভিত্তিক মানচিত্র
(৩) ৰাজনৈতিক মানচিত্র
উত্তৰঃ বিষয়ভিত্তিক মানচিত্র
(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা বং ব্যৱহাৰ কৰা হয়?"
(১) পানীভাগ
২) পর্বত
(৩) সমভূমি
উত্তৰ: ১) পানীভাগ
(গ) কম্পাহ ব্যৱহাৰ কৰা হয়-
(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ
(২) প্রধান দিশ নির্ণয় কৰিবলৈ
(৩) দূৰত্ব জুখিবলৈ।
উত্তৰ: প্রধান দিশ নির্ণয় কৰিবলৈ।
(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন?
(১) মানচিত্র অংকন
(২) আর্হি চিত্র
উত্তৰঃ মানচিত্র অংকন।
প্রশ্ন ৩। কৰি চাওঁ আহাঃ
(ক) তোমাৰ শ্ৰেণীকোঠাটোৰ এটি নক্সা অংকন কৰা আৰু শিক্ষকৰ মেজ, ব্রেক ব'ৰ্ড, দুৱাৰ আৰু খিৰিকীৰ অৱস্থা দেখুওৱা।
উত্তৰ: নিজে কৰা।
(খ) তোমালোকৰ বিদ্যালয়ৰ এখন আর্হি চিত্র (স্কেচ্) অংকণ কৰা আৰু তলত দিয়াবোৰৰ অৱস্থান দেখুওৱা-
(১) প্রধান শিক্ষক/অধ্যক্ষৰ কোঠা।
(২) তোমালোকৰ শ্ৰেণী কোঠা।
(৩) খেলপথাৰ।
(৪) পুথিভঁৰাল
(৫) ডাঙৰ গছ অথবা ফুলনি।
(৬) খোৱাপানীৰ ব্যৱস্থা - দমকল।
উত্তৰ: নিজে কৰা।
Special thanks to Mubarak Hussain
Thank You