বিষয়ঃ সমাজ বিজ্ঞান
শ্ৰেণীঃ (VI)
অসম : জলবায়ু, প্রাকৃতিক উদ্ভিদ,বন্যপ্রাণী আৰু কৃষি
(ক) অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি?
উত্তৰ: ৰাইমনা।
(খ) চিৰসেউজীয়া উদ্ভিদৰ প্রধান বৈশিষ্ট্য কি?
উত্তৰ: চিৰসেউজীয়া উদ্ভিদৰ প্রধান বৈশিষ্ট্য হ'ল ইহঁতৰ ডাল-পাত সদায় সেউজীয়া হৈ থাকে।
(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অবস্থিত?
উত্তৰ: বাকছা আৰু চিৰাং জিলাত অবস্থিত।
(ঘ) প্রাকৃতিক উদ্ভিদ বুলিলে, কি বুজা?
উত্তৰ: প্রাকৃতিক পৰিবেশত পোৱা উদ্ভিদসমূহক প্রাকৃতিক উদ্ভিদ বোলে।
প্রশ্ন ২।
(ক) জলবায়ু কাক বোলে?
উত্তৰঃ কোনো এখন ঠাইৰ দীঘলীয়া সময়ব (কমেও ৩০/৪০ বছৰৰ বতৰৰ) সামগ্রিক অবস্থাই জলবায়ু।
(খ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি?
উত্তৰ: অসমৰ প্ৰধান ঋতু চাৰিটা গ্রীষ্ম, বর্ষা, শবৎ আৰু শীত।
(গ) বর্ষাকাল ধানখেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি?
উত্তৰ: ধানখেতিৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্রয়োজন হয়। বর্ষাকালত বেছিকৈ বৰষুণ হয় বাবে বর্ষাকাল ধানখেতিৰ বাবে উপযোগী।
(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনে ধৰণৰ?
উত্তৰ: সকলো ধৰণৰ কৃষিৰ লগত সকলো ধৰণৰ জলবায়ু খাপ নাখায়।প্রয়োজনীয় জলবায়ুৰ পাৰ্থক্য আছে। জলবায়ু অনুসবিহে কৃষিকার্য সম্পন্ন হয়। সেইবাবে কোৱা হয় কৃষি আৰু জলবায়ুৰ সম্পর্ক আছে।
(ঙ) চিৰসেউজীয়া আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পার্থক্যসমূহ কি কি?
উত্তৰঃ
(চ) গছ-গছনি আমাক কিয় লাগে আলোচনা কৰা।
উত্তৰঃ গছ-গছনি আমাৰ বাবে প্রয়োজনীয় সম্পদ,। গছ-গছনিয়ে এৰি দিয়া অক্সিজেন আমি উশাহত লওঁ আৰু এৰি দিয়া কার্বন-ডাই-অক্সাইড গছ-গছনিয়ে শুহি লয়। গছ গছনিয়ে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্রণ কবে। আনহাতে ভূমি ক্ষয়বোধ কৰাতো গছ- গছনিৰ ভূমিকা আছে। গছৰ পৰাই আমাৰ প্ৰয়োজনীয় আচবাব, ঘৰৰ প্ৰয়োজনীয় সামগ্রী আদিও আহৰণ কৰিব পাৰি। তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছক বিভিন্ন বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ। এনেকৈয়ে গছে আমাক বিভিন্ন ধৰণেৰে সহায় কৰে। সেইবাবেই আমাক গছ-গছনি লাগে।
(ছ) গছ-গছনি আৰু বন্যপ্রাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি? আলোচনা কৰা।
উত্তৰঃ গছ-গছনি আৰু বন্যপ্ৰাণীৰ ধ্বংসকৰণৰ ফলত প্রাকৃতিক ভাৰসাম্য নষ্ট হয়। কোনো এক প্রাকৃতিক অঞ্চলৰ জৈৱ-বৈচিত্র্য যাতে ধ্বংস নহয়, মানুহ আৰু প্রাকৃতিক উপাদানসমূহৰ মাজত যাতে সুসম্পর্ক বিৰাজ কৰে, সেই উদ্দেশ্যতেই বন্যপ্রাণী আৰু গছ-গছনি সংৰক্ষণ কৰিব লাগে। বন্যপ্রাণী আৰু গছ-গছনিৰ মাজত যেনেদৰে এক গভীৰ সম্পর্ক বিৰাজ কৰিছে, ঠিক তেনেকৈ এই দুয়ো উপাদানৰ ওপৰত মানুহৰ কিছুমান কার্যও নির্ভৰশীল হৈ থাকে। সেই দৃষ্টিকোণৰ পৰা গছ-গছনি আৰু জীৱ-জন্তু সংৰক্ষণৰ প্রযোজনীয়তা আছে। তদুপৰি এই দুয়ো উপাদানৰ নিজা নিজা অৱদানসমূহেও মানৱজাতিক যথেষ্ট সহায় কৰিছে।
প্রশ্ন ৩। খালী ঠাই পূৰ কৰা:
উত্তৰ:
(ক) কোনো এটা অঞ্চলৰ কমেও ৫০ বছৰৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ূৰচাপ, বৃষ্টিপাত, আর্দ্রতা আদিৰ গড় অবস্থাকে জলবায়ু বুলি কোৱা হয়।
(খ) জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক চাৰিটা ঋতুত ভাগকৰা হৈছে।
(গ) ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান প্রথম।
(ঘ) দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বর্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ
( ঙ) বর্তমান অসমত মুঠ ১৭ খন অভয়াৰণ্য আছে।
(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত।
(ছ) শীতকালত দিন চুটি, বাতি দীঘল হয়।
প্রশ্ন ৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(১) চেৰাপুঞ্জী
(২) মৌচিনৰাম
(৩) শ্বিলং
(৩) মৰিগাঁও
(৪) কামৰূপ
উত্তৰঃ (১) গোলাঘাট
(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোবা উদ্ভিদবিধ হ'ল-
(১) পর্ণপাতী
(২) চিৰসেউজীয়া
(৩) তৃণভূমি
উত্তৰঃ (১) পর্ণপাতী।
(ঘ) উদ্ভিদে এৰি দিয়া গেছবিধৰ নাম-
(১) কার্বন-ডাই-অক্সাইড
(২) অক্সিজেন
(৩) নাইট্র জেন
প্রশ্ন ৫। সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পার্থক্য আছে লিখা।
উত্তৰঃ ঠাই এখনৰ কৃষি জলবায়ু আৰু মাটিৰ ওপৰত নির্ভৰশীল। সেয়ে সমভূমিআৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত পার্থক্যও গঢ়ি উঠে। তলত উভয়ৰ মাজত থকা পার্থক্যসিনি দাঙি ধৰা হ'ল-
Thank You