বিষয়ঃ সমাজ বিজ্ঞান
শ্ৰেণীঃ (VI)
অধ্যায় – 1
সৌৰজগত আৰু আমাৰ পৃথিৱী
প্রশ্ন ১। তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) সৌৰজগত বুলিলে কি বুজা?
উত্তৰ: সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা আঠটা গ্রহ, অনেক উপগ্ৰহৰ লগতে ধূমকেতু, উল্কা আৰু গ্রহাণুপুঞ্জ- এই আটাইবোৰ লগ হৈ সৃষ্টি হোৱা পৰিয়ালটোক সৌৰজগত বোলে।
(খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্রমে গ্রহবোৰৰ নাম লিখা।
উত্তৰ: সূর্যৰ পৰা ক্ৰমে আঁতৰলৈ থকা গ্রহকেইটা হ'ল বুধ, শুক্র, পৃথিবী, মংগল, বৃহস্পতি, শনি, ইউবেনাছ আৰু নেপচুন।
(গ) সূর্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: সূর্যটো এটা নক্ষত্র।
সূর্য হৈছে আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্র। ইয়াৰ ওপৰ অংশৰ উত্তাপ প্রায় ৬০০০ ডিগ্রী চেলছিয়াছ। সূর্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-উচৰি। সূর্যব 'বাবেই পৃথিবীত জীৱৰ জীৱন-ধাৰণ সম্ভৱ হৈছে। পৃথিৱীত হোৱা দিন-বাতি, ঋতু পৰিবৰ্তন, - বতৰৰ সালসলনি এই সকলোৰ প্ৰধান কাৰণেই হ'ল সূর্য। উল্লেখযোগ্য যে সূর্যক কেন্দ্র কৰিয়েই সৌৰজগতৰ গ্ৰহবোৰ ঘূৰি থাকে।
প্রশ্ন ২। উত্তৰ দিয়া:
(ক) নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বোলে?
উত্তৰ: নক্ষত্র।
(খ) ৰাতিৰ আকাশত গ্রহবোৰক কিহে পোহৰাই ৰাখে?
উত্তৰঃ সূর্যই।
(গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?
উত্তৰ: সূর্য।
(ঘ) ৰাতিৰ আকাশত তীব্রভাবে গতি কৰি ধ্বংস হোৱা উজ্বল পিণ্ডবোৰক কি বোলে?
উত্তৰ: পপীয়াতৰা বা উল্কা।
প্রশ্ন ৩। পাঠৰ চিত্ৰ ১.৩-ত থকা সৌৰজগতৰ চিত্ৰখন পর্যবেক্ষণ কৰি তলৰ প্রশ্নসমূহৰ উত্তৰ লিখা:
(ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ: নেপচুন।
(খ) ইউৰেনাছ গ্রহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?
উত্তৰ: শনি আৰু নেপচুন।
(গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰত?
উত্তৰঃ তিনি নম্বৰত।
(ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰঃ বৃহস্পতি।
(ঙ) গ্রহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?
উত্তৰ: মংগল আৰু বৃহস্পতি।
প্রশ্ন ৪। শুদ্ধ উত্তৰটো লিখা:
(ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্রহক কোৱা হয়?
(১) বুধ
(২) শুক্র
(৩) মঙ্গল
উত্তৰঃ (২) শুক্র।
(খ) সৌৰজগতত অস্থায়ীভাবে ভূমুকি মৰা উজ্বল বাষ্প পিণ্ডবোৰ কি?
(১) ধূমকেতু
(২) গ্রহাণুপুঞ্জ
(৩) উপগ্রহ
(৪) শনি
উত্তৰঃ (১) ধূমকেতু।
Assam Board Class 6 Social Science - সমাজ বিজ্ঞান Chapter 1 সৌৰজগতত আমাৰ পৃথিৱী
অসমীয়া মাধ্যমত পাঠ্যপুস্তক সমাধান
নতুনকৈ সংশোধিত অসম ব’ৰ্ড ক্লাছ ৬ সমাজ বিজ্ঞানৰ চেপ্টাৰ ১ সৌৰজগতত আমাৰ পৃথিৱী পাঠ্যপুস্তক সমাধান অসমীয়া মাধ্যমত মুকলি হৈছে, আৰু ইয়াৰ সন্মুখীনতা Ospin Academyত উপলব্ধ।
কিয় আমাৰ পাঠ্যপুস্তক সমাধান বাচিব?
ছাত্ৰ-ছাত্ৰীৰ পৰা যিসকল সৰ্বশেষ সমাজ বিজ্ঞানৰ চেপ্টাৰ ১ সৌৰজগতত আমাৰ পৃথিৱী বইৰ সমাধান বিচাৰি আছে, তেওঁলোকে ক্লাছ ৬ SEBA অসমীয়া মাধ্যমৰ PDF বিনামূলীয়া ডাউনলোড কৰিব পাৰে।
আমাৰ সমাধানৰ মূল বৈশিষ্ট্যসমূহ
- প্ৰত্যেক প্ৰশ্নৰ উত্তৰ ধাপে ধাপে বৰ্ণনা কৰা হৈছে।
- চেপ্টাৰটো সমগ্ৰকৈ বুজাই দিয়া হৈছে আৰু সহজ ভাষাত বৰ্ণনা কৰা হৈছে।
- এই সমাধানবোৰে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ বাবে ভাল প্ৰস্তুতি লাভত সহায় কৰে।
পাঠ্যপুস্তক সমাধান কিদৰে সহায় কৰে
SEBA Class 6 Social Science পাঠ্যপুস্তক সমাধানবোৰ ছাত্ৰ-ছাত্ৰীৰ মাক্সৰ ফলাফল বৃদ্ধি কৰিবলৈ আৰু পাঠ্যসূচী বুজিবলৈ সহায় কৰে।
এই সমাধানসমূহ:
- পঢ়িবলৈ সহজ আৰু বুজাত সহায়ক।
- সাম্প্ৰতিক পাঠ্যসূচী আৰু পদ্ধতিৰ ওপৰত আধাৰিত।
- বাস্তৱ জীৱনৰ উদাহৰণৰ সৈতে যুক্ত।
Ospin Academyৰ সৈতে আপোনাৰ জ্ঞান বৃদ্ধি কৰক
অধিক সহায়ক কণ্টেণ্ট আৰু উচ্চ-গুণগত সমাধানৰ বাবে Ospin Academyত পৰিদৰ্শন কৰক। আপোনাৰ অধ্যয়ন আৰু পৰীক্ষাৰ প্রস্তুতি উন্নত কৰক!
Thank You