বিষয়ঃ সমাজ বিজ্ঞান
শ্ৰেণীঃ (VI)
অধ্যায় – 4
পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা:
(ক) পৃথিবীৰ প্ৰধান চাৰিটা মণ্ডল কি কি?
উত্তৰ: পৃথিৱীৰ প্রধান চাৰিটা মণ্ডল হ'ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল, জীবমণ্ডল।
(খ) পৃথিৱীৰ প্ৰধান মহাদেশকেইখন কি কি?
উত্তৰ: এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা মহাদেশ।
(গ) সম্পূর্ণৰুপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?
উত্তর: দক্ষিণ আমেৰিকা দক্ষিণ গোলার্ধত পৰিছে।
(ঘ) বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি?
উত্তৰ: ট্র স্ফিয়েৰ, স্ট্রেট স্ফিয়েৰ, মেছ স্ফিয়েৰ আৰু থার্মস্ফিয়েব।
(ঙ) জীৱৰ বাবে বায়ুমণ্ডল কিয় প্রয়োজনীয়?
উত্তৰ: জীৱ জীয়াই থাকিবৰ বাবে প্রয়োজন হোৱা অক্সিজেন গেছ আৰু নাইটু 'জেন গেছ বায়ুমণ্ডলতেই পোৱা যায়। সেইবাবে বায়ুমণ্ডল জীৱৰ বাবে প্রয়োজনীয়।
(চ) মহাসাগৰসমূহৰ নাম কি কি।
উত্তৰ: মহাসাগৰ- প্রশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
(ছ) জীৱমণ্ডলত মানুহে কি কি পৰিবৰ্তন সাধন কৰিছে?
উত্তৰ: জীৱমণ্ডলত মানুহে ঘৰ-দুৱাৰ, কল-কাৰখানা, নদীবান্ধ, গাড়ীপথ, বেলপথ আদি নির্মাণ কৰি গছ- কটা, ভূমিখনন আদি কাৰ্যৰে বিভিন্ন পৰিৱর্তন সাধন কৰিছে।
২। শুদ্ধ উত্তৰবোৰত চিহ্ন দিয়া:
(ক) এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা-
(১) এণ্ডিজ
(২) হিমালয়
(৩) য়ুৰাল
উত্তৰঃ(৩) য়ুৰাল
(খ) শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছি থকা উপাদানবিধ-
(১) নাইট্র'জেন
(২) অক্সিজেন
(৩) কার্বন-ডাই-অক্সাইড
উত্তৰঃ(১) নাইট'জেন
(গ) কঠিন শিলাৰে গঠিত পৃথিবীৰ প্রধান মণ্ডলটো-
(১) বায়ুমণ্ডল
(২) জলমণ্ডল
(৩) স্থলমণ্ডল
উত্তৰঃ(৩) স্থলমণ্ডল
(ঘ) আটাইতকৈ বৃহৎ মহাদেশখন হ'ল-
(১) আফ্রিকা
(২) এছিয়া
(৩) ওচেনিয়া
উত্তৰঃ(২) এছিয়া
প্রশ্ন ৩। জীব মণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কৰা উচিত? দলত আলোচনা কৰি লিখা।
উত্তৰঃ মাটি, পানী আৰু বায়ু এই তিনিটা উপাদান একেলগে থাকি জীব বর্তি থাকিব পৰা পৰিবেশ এটাৰ সৃষ্টি কবে। এই পৰিৱেশতে জীৱৰ সৃষ্টি, বৃদ্ধি ঘটে বাবে ইয়াক জীবমণ্ডল বোলা হয়। এই মণ্ডলত অণুজীৱৰ পৰা বৃহৎ আকাৰৰ প্ৰাণীলৈকে বিভিন্ন জীবে বাস কবে। এই জীবমণ্ডল উদ্ভিদ আৰু প্রাণী হিচাপে দুই ভাগত বিভক্ত। উদ্ভিদ আৰু প্রাণী ইটোৱে সিটোৰ সৈতে সম্পর্কযুক্ত। সেয়ে প্রাণী আৰু উদ্ভিদৰ মাজত এটা ভাৰসাম্য ৰক্ষা কৰি চলিব লগা হয়। প্রাণীৰ ভিতৰত মানুহেই অপরিকল্পিতভাবে ঘৰ- দুৱাৰ, কল-কারখানা, নদীবান্ধ, বাস্তা-ঘাট, দলং আদিব নির্মাণেৰে জীৱমণ্ডলৰ অন্তর্গত বায়ু, পানী, মাটি প্রদূষিত কবে। গছ-গছনি কাটি ভূমি ক্ষয় ঘটায় আৰু প্রাকৃতিক ভাৰসাম্য বিনষ্ট কৰে। ফলত বায়ুত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে আৰু পৃথিৱীত তাপ বৃদ্ধি কৰে। ইয়াকে গোলকীয় উষ্ণতা বর্ধন বোলে। সেয়ে আমি প্রাকৃতিক সম্পদসমূহৰ ব্যৱহাৰৰ ক্ষেত্রত এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে আমাৰ কাৰ্যই স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আক জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা কৰি পৃথিৱীখন জীৱৰ বসবাসৰ বাবে উপযোগী হৈ থাকে।
Thank You