বিষয়ঃ সমাজ বিজ্ঞান
শ্ৰেণীঃ (VI)
অধ্যায় – 3
পৃথিৱীৰ গতি
প্রশ্ন ১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা:
(ক) পৃথিবীৰ মেৰুদণ্ডডালে কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে?
উত্তৰ: 66.5০কোণ কৰি আছে।
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰঃ ৩৬৫ দিন আৰু প্রায় ৬ ঘণ্টা লাগে।
(গ) পোহৰ বৃত্ত কাক বোলে?
উত্তৰ: পৃথিবীখনত দিন আৰু বাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলে।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাবে পৰে ?
উত্তৰ: ২৩ ছেপ্তেম্বৰ আৰু ২১ মার্চত।
প্রশ্ন ২। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) আহ্নিক গতি আৰু বার্ষিক গতি বুলিলে কি বুজা?
উত্তৰ: আহ্নিক গতি: পৃথিবীয়ে নিজ মেঝদণ্ডত পশ্চিমৰ পৰা পূবলৈ ২৪ ঘণ্টাত এপাক ঘুষে। এই গতিকে দৈনিক গতি বা আহ্নিক গতি বোলে।
বার্ষিক গতি: পৃথিবীয়ে নিজ কক্ষপথেবে সূর্যৰ চাৰিওফালে ৩৬৫ দিন ৬ ঘণ্টা সময়ত সম্পূর্ণ এপাক ঘুৰে। এইতগতিক বার্ষিক গতি বোলে।
(খ) আহ্নিক গতিৰ ফলত পৃথিবীত দিন-ৰাতি কেনেকৈ হয় বুজাই লিখা।
উত্তৰ: পৃথিৱীখনৰ আকৃতি প্রায় ঘুৰণীয়া হোৱা, বাবে সূর্যৰ পোহৰ কোনো এটা মুহূর্তত ইয়াৰ আধা অংশতহে পৰে। অর্থাৎ পৃথিবীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূর্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালে পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে পোহৰ নপৰা অংশত ৰাতি হয়।
(গ) অধিবর্ষ বুলিলে কি বুজা?
উত্তৰ: পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূর্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্রায় ৬ ঘণ্টা সময় লাগে যদিও গণনাৰ সুবিধাৰ বাবে ৩৬৫ দিনক এবছৰ হিচাপে ধৰি লোৱা হয়। অর্থাৎ প্রতি বছৰে ৬ ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া প্রায় ৬ ঘণ্টা সময়খিনি ৪ বছৰত লগ লাগি প্রায় ২৪ ঘণ্টা অর্থাৎ এদিন হয়। সেয়েহে প্রতি ৪ বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহত এদিন বঢ়াই ২৮ দিনৰ পৰিৱৰ্তে ২৯ দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবর্ষ বা লিপ ইয়েৰ বোলা হয়।
(ঘ) কর্কট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ পার্থক্য বুজাই লিখা।
উত্তৰ:
(ঙ) পৃথিবীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনে পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা।
উত্তৰ : বার্ষিক গতিৰ ফলত একোটা অঞ্চলত বিভিন্ন সময়ত বিভিন্ন ঋতুৱে বিৰাজ কৰে। যদিহে পৃথিৱীৰ বার্ষিক গতি নাথাকিলহেঁতেন, তেতিয়া এই ধৰণৰ ঋতু পৰিবৰ্তনৰ ঘটনা সংঘটিত নহ'লহেঁতেন। ইয়াৰ ফলত মানুহৰ কাম-কাজ, সাজ-পোছাক আদিতো বিভিন ধৰণৰ প্ৰভাৱ পৰিলহেঁতেন।
(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা? কক্ষপথৰ এটা চিত্র আঁকি দেখুওৱা।
উত্তৰ: পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নির্দিষ্ট উপবৃত্তাকাৰ পথেৰে ঘুৰে। এই উপবৃত্তাকার পথটোকে কক্ষপথ বোলে।
প্রশ্ন ৩। শুদ্ধ উত্তৰবোৰত
(✔) চিহ্ন দিয়া:
(ক) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?
(১) আহ্নিক গতি
২) মেৰুদণ্ড
(৩) বার্ষিক গতি
(খ) বিষুব ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখে পোনে পোনে পৰে?
(১) ২১ মার্চ
(২) ২১ জুন
(৩) ২২ ডিচেম্বৰ
(গ) পৃথিবীৰ উপৰিভাগত ঋতু পৰিবৰ্তন হোৱাৰ কাৰণ -
(১) বার্ষিক গতি
২) আহ্নিক গতি
(৩) এই দুটাৰ এটাও নহয়
(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল-
(১) ৩৬৫ দিন
(২) ৩৬৬ দিন
(৩) ৩৫৬ দিন
(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল-
(১) ২৩ ছেপ্টেম্বৰ
(২) ২১ মার্চ
(৩) ২২ ডিচেম্বৰ
উত্তৰ:
(ক) (৩) বার্ষিক গতি
(খ) (১) ২১ মার্চ
(গ) (১) বার্ষিক গতি
(ঘ) ৩৬৬ দিন
(ঙ) (৩) ২২ ডিচেম্বৰ
প্রশ্ন ৪। খালী ঠাই পূৰ কৰা।
(ক) পৃথিবীয়ে নিজ মেৰুদণ্ডৰ ওপৰত কৰা ঘূৰণকে___ বোলে ।
(খ) পৃথিবীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক— বোল।
(গ)___ ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।
(ঘ) পৃথিৱীৰ সোঁ মাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিকৰেখাডালৰ নাম_____ ।
(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ____গোলার্ধত কল্পনা কৰা হৈছে।
(চ) পৃথিবীয়ে ইয়াৰ কক্ষতলৰ লগত ____কোণ কৰি হেলনীয়া হৈ থাকে।
উত্তৰঃ (ক) আহ্নিক গতি (খ) কক্ষপথ (গ) শীত (ঘ) মেরুদণ্ড (৩) দক্ষিণ (চ) 66.5°
Thank You