পৃথিৱীৰ প্ৰধান ভূ-অবয়ব | Chapter 6 | Class 6 Social Science | Question and Answer Assam | ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | 6 homaj Bigyan lesson 6 Question Answer

OSPIN ACADEMY
0
বিষয়ঃ সমাজ বিজ্ঞান 
শ্ৰেণীঃ (VI)

অধ্যায় – 6
 পৃথিৱীৰ প্ৰধান ভূ-অবয়ব

১। তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া।
(ক) প্রধান ভূ-অবয়বকেইটা কি কি?
উত্তৰঃ প্রধান ভূ-অবয়বকেইটা হ'ল পর্বত, পাহাৰ, মালভূমি আৰু সমভূমি।

(খ) পর্বত আৰু মালভূমিৰ পার্থক্য কি কি?
উত্তৰঃ পর্বত আক মালভূমিৰ পার্থক্য হ'ল- পর্বত-পাহাৰৰ থিয় শিখব থাকে। মালভূমিৰ কিন্তু ওপৰভাগ বহল আৰু সমতল।

(গ) উৎপত্তিৰ ফালৰ পৰা পর্বত-পাহাৰক কি কি ভাগত ভাগ কৰা হৈছে?
উত্তৰঃ উৎপত্তিৰ ফালৰ পৰা পর্বত পাহাৰক তিনি ভাগত ভাগ কৰা হৈছে- আগ্নেয় পর্বত, ভংগিল পর্বত আৰু স্তূপ পর্বত।

(ঘ) পৰ্বত-পাহাৰ মানুহৰ কি কি কামত আহে?
উত্তৰ: পৰ্বত-পাহাৰবোৰ মানুহৰ বিভিন্ন কামত আহে। এইবোৰ বিভিন্ন খনিজ 'সম্পদৰ ভঁৰাল। একেদৰে নদ-নদীসমূহৰ উৎসস্থলো এই পর্বত-পাহাৰবোৰ। এই নদ- নদীবোৰত বান্ধ দি বিদ্যুৎ উৎপাদন কৰিব পাৰি। আকৌ ইয়াৰ গছ-গছনিবোৰে আমাক ফল-মূল, গৃহ-নির্মাণৰ সামগ্রী, পশুখাদ্য আদিও দিয়ে। পাহাৰৰ ঢালত পার্বত্য অঞ্চলৰ জনগোষ্ঠীসকলে ঝুম খেতি কৰি জীৱন-নির্বাহ কৰে। ইয়াৰ উপৰি এটা পাহাৰ বা পৰ্বতৰ অবস্থানে এখন ঠাইৰ জলবায়ুৰ ভিন্নতাতো প্রভাব পেলায়।

(ঙ) সমভূমি কেনেকৈ গঠন হয়?
উত্তৰঃ নৈ, জান-জুৰিৰ বোৱঁতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰজুৰি চলি থকা এই কার্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয় হৈ উচ্চতা কমি যায় আৰু সমভূমিব সৃষ্টি হয়।

(চ) নদী উপত্যকা কিয় ঘন জনবসতিপূর্ণ?
উত্তৰ: নদী উপত্যকা নদী এখনে কঢ়িয়াই লৈ অহা পলস, জাৱৰ-জোঁথৰ আদিৰ বাবে সাৰুৱা হৈ পৰে। ইয়াৰ বাহিৰেও এই অঞ্চলটো সমতল হোৱা বাবে ইয়াত যাতায়াত আৰু উদ্যোগ আদি স্থাপনৰ সুবিধা থাকে। সেইবাবে নদী উপত্যকা অঞ্চল ঘন- জনবসতিপূর্ণ। 

(ছ) পার্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি
সেৰেঙা?
উত্তৰ: পার্বত্য অঞ্চলত কৃষিভূমি কম, পানী সহজলভ্য নহয়। আনহাতে ইয়াৰ ভূ আকৃতিক অৱস্থা খলা-বমা আৰু যান-বাহন ব্যৱস্থাৰ বাবে সুবিধাজনক নহয়। এনেবিলাক কাৰণতেই পার্বত্য অঞ্চলসমূহত জনবসতি সেৰেঙা হয়।

প্রশ্ন ২। শুদ্ধটোত (✓) চিন দিয়া: 
ক) পাহাৰ পৰ্বত বেলেগ হোবাৰ মূল কাৰণ — 
1 . উচ্চতা       2. ঢাল        3. গঠন প্রক্রিয়া
উত্তৰঃ (1) উচ্চতা
(খ) হিমবাহ থকা স্থান হ'ল-
1. সমভূমি        2. পৰ্বত        3. মৰুভূমি
উত্তৰঃ (2) পর্বত
(গ) দাক্ষিণাত্য মালভূমিৰ অবস্থান - 
1. চীনত 2. নেপালত 3. ভাৰতত
উত্তৰঃ ( 3) ভাৰতত।

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা:
(ক) ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ'লে তাক ক্ষয়জাত প্ৰক্ৰিয়াৰ দ্বাৰা পৰিবৰ্তন হোৱা বুলি কোৱা হয়।
(খ) হিমালয় আৰু আল্পচ একোখন ভংগিল পর্বত।
(গ) পর্বতসমূহ সাধাৰণতে খনিজ সম্পদত চহকী।
(ঘ) সমভূমি অঞ্চলত যাতায়াত ব্যবস্থা আটাইতকৈ সহজসাধ্য।
(ঙ) বোৱঁতী পানীৰ সোঁতে সমভূমি সৃষ্টিত বিশেষ ভূমিকা লয়।

প্রশ্ন ৪। তলত দিয়া পৃথিবীৰ মানচিত্ৰখনত কেইখনমান পর্বতমালাৰ অবস্থান দিয়া আছে। ভূচিত্রাবলী চাই প্রতিখনৰ কাষৰ খালী ঘৰত তলত দিয়া ক্রমিক নম্বৰসমূহ বহুওৱা।
উত্তৰঃ কিতাপৰ পৰা চাই নিজে কৰা।

প্রশ্ন ৫। মানুহে পর্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি অপৰিকল্পিতভাবে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ'ব পাৰে?
উত্তৰ: পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদিক লৈয়ে উদ্ভিদ আৰু প্রাণী বর্তি থকাৰ পবিবেশ এটা সৃষ্টি হয়। উদ্ভিদ আৰু প্রাণী ইটোৰ সৈতে সিটো সম্পর্কিত। মানুহে পর্বত- পাহাৰ, গছ-গছনি, শিল-মাটি আদি
অপৰিকল্পিভাবে কাটি থাকিলে পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। গছৰ মাটি ধৰি ৰাখিব পৰা ক্ষমতা থাকে। গছ-গছনি কাটিলে মাটিৰ দৃঢ়তা হ্রাস পায় আৰু মাটি খহিবলৈ ধৰে। অপৰিকল্পিত পর্বত-পাহাৰ খননে ভূমিস্খলন ঘটায়। গছ- গছনি হ্রাস পালে গোলকীয় উষ্ণতা বৃদ্ধি পায়। এইবোৰ কাৰণতে পৰ্বত-পাহাৰ, গছ-গছনি, শিল-মাটি আদি মানুহে নিজৰ স্বার্থপূৰণ কৰিবলৈ লৈ অপৰিকল্পিতভাবে কাটিব নালাগে।

প্রশ্ন ৬। ভূচিত্রাবলী চাই হিমালয় পর্বতৰ পৰা উৎপন্ন হোৱা কেইখনমান নৈৰ নাম লিখা।
উত্তৰঃ হিমালয় পর্বতৰ পৰা উৎপত্তি হোৱা নৈকেইখন হ'ল- সিন্ধু, শতদ্রু, বিতস্তা, চন্দ্রভাগা, ইবারতী বিশাখা, গোমতী, ঘর্ঘবা, কুশী, যমুনা, গংগা, গণ্ডক, তিস্তা আৰু ব্রহ্মপুত্র।
 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !