বিষয়ঃ অসমীয়া
শ্ৰেণীঃ সপ্তম (VII)
অধ্যায় – 9
অসম
পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ
১। পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।
উঃ- (পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰা)
২। কোৱা।
(ক) লেখকে কোনখন ঠাইক 'স্বর্গতো অধিক জনমভূমি' বুলি কৈছে?
উঃ- লেখকে নিজৰ জন্মভূমি অসমক স্বৰ্গতো অধিক জনমভূমি বুলি কৈছে।
(খ) প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোনছোৱাক সৌমাৰ পীঠ বোলা হৈছিল?
উঃ- প্রাচীন কালত কামৰূপ ৰাজ্যৰ সীমা দক্ষিণে বংগোপসাগৰ আৰু পশ্চিমে কৰতোৱালৈ আৰু মৈমনসিংহ জিলাৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ মৰা সুঁতি আছিল। এই সুবিশাল কামৰূপ ৰাজ্যৰ উজনি অংশৰ নাম সৌমাৰ পীঠ আছিল। সুমেৰু বা দেৱলোকৰ তলত থকাৰ নিমিত্তে ইয়াৰ এখণ্ডক সৌমাৰ পীঠ বোলা হৈছিল বুলি অনুমান কৰা হয়।
(গ) ইতিহাসৰ মতে কাৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ'ল?
উঃ- ইতিহাসৰ মতে আহোমসকলৰ ৰাজত্বকালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হ'ল।
(ঘ) আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব?
উঃ- আমাৰ সকলো শক্তি স্বদেশৰ সেৱাত লগাব লাগিব।
(ঙ) ইংৰাজ গবর্ণমেন্টে প্রথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল?
উঃ- ইংৰাজ গৱৰ্ণমেন্টে প্রথমে এই দেশৰ নাম ইংৰাজীত ASAM বুলি লিখিছিল।
(চ) অসমক কোনে 'অসমৰ দেশ' বুলি কৈছিল?
উঃ- মুছলমান বুৰঞ্জী লেখকসকলে অসমক 'অসমৰ দেশ' বুলি কৈছিল।
৩। উত্তৰ দিয়া
(ক) প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তৃত আছিল?
উঃ- প্ৰাচীন কামৰূপৰ দক্ষিণ সীমা বঙ্গোপসাগৰলৈকে বিস্তৃত আছিল।
(খ) সৌম্য ৰাজ্যত থকা আর্য সন্তানসকলক কি বোলা হৈছিল?
উঃ- সৌম্য ৰাজ্যত থকা আর্য সন্তানসকলক সৌম্য বা সোম বোলা হৈছিল।
(গ) সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক কি বুলি মাতিছিল?
উঃ- সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক আসোম বা অসম বুলি মাতিছিল।
(ঘ) চুকাফা ৰজাই কি পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল?
উঃ- চুকাফা ৰজাই পাটকাই পৰ্বত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল।
৪। 'ক' অংশৰ বাকচত থকা শব্দ কেইটাৰ অৰ্থ 'গ' অংশৰ বাকচত আছে। এতিয়া তাৰ পৰা উপযুক্ত অর্থ বিচাৰি 'খ' অংশৰ বাকচত লিখা।
উত্তৰ:-
৫। উত্তৰ লিখা:
(ক) অসম নামৰ উৎপত্তি কেনেকৈ হ'ল?
উঃ- যেতিয়া স্বান জাতীয় ৰজা চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি উজনি অসম অধিকাৰ কৰে, তেতিয়া সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক আসোম বা অসম বুলিছিল। পিছলৈ 'আসোম' বা 'অসম' শব্দই স্বানজাতিৰ মানুহৰ মুখত পৰি 'আহোম' বা 'অসম' ৰূপে উচ্চাৰিত হয়। বৰ্তমানৰ আহোমসকলক যে পূর্বতে আহোম বা অসম বোলা হৈছিল, সেই কথা পুৰণি পুথি আদিৰ পৰা জনা যায়। অসম বা আহোম জাতিয়ে এই দেশ অধিকাৰ কৰাৰ বাবে ইয়াৰ নাম 'অসমৰ দেশ' বা 'অসম দেশ' হ'ল।
(খ) বৰ্তমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত হৈছে?
উঃ- বৰ্তমানৰ অসমীয়া জাতিটো আৰ্য আৰু অনাৰ্যৰ সংমিশ্রণত, বিভিন্ন জাতি আৰু উপজাতি মিলি গঠিত হৈছে। প্রাচীন কালৰ পৰা বৰ্তমানলৈ বিভিন্ন ঠাইৰ পৰা লোকসকল প্ৰব্ৰজন কৰি অসমলৈ আহিছে। এই প্ৰব্ৰজনকাৰী লোকসকল আৰু থলুৱা লোকসকলৰ সংমিশ্রণ ঘটি বৰ্তমানৰ অসমীয়া জাতি গঠিত হৈছে।
(গ) অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ আমি কি কি কৰা উচিত?
উঃ- অসমীয়া জাতিক এটা আদর্শ জাতিৰূপে গঢ়িবলৈ হ'লে আমি অসমৰ ভাষা, সাহিত্য, বুৰঞ্জী, লোকতত্ত্ব, সমাজতত্ত্ব আদি বিষয়ৰ ওপৰত আলোচনা আৰু অনুসন্ধান কৰিব লাগে। পুৰণি সাধু, পটন্তৰ, ফকৰা, সাঁথৰ, নাম, গীত, মালিতা, ভাওনা, সবাহ, ক্রীড়া কৌতুক, পুৰণি মন্দিৰ, দৌল, দেৱালয় আদিৰ তথ্য সংগ্ৰহ কৰিব লাগে। অসমীয়া জাতিটোক আদর্শ জাতিৰূপে গঢ়িবৰ বাবে আমি সৰ্বতোপ্ৰকাৰে ইয়াৰ উন্নতি সাধন কৰিব লাগিব। ইয়াৰ বাবে সকলোৰে অন্তৰ জাতিটোৰ প্ৰতি এক স্বকীয় অনুভূতি থাকিব লাগিব, এই অনুভূতিৰ দ্বাৰা শক্তিৰ বিকাশ সাধন কৰি সেই শক্তি স্বদেশৰ সেৱাত লগাব লাগিব। এইদৰে এটা জাতিক আমি আদর্শ জাতিৰূপে গঢ়ি তুলিব পাৰোঁ।
(ঘ) অসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে?
উঃ- অসমৰ গৌৰৱ বঢ়াবলৈ আমি অসমৰ ভাষা আৰু সাহিত্যৰ উন্নতি সাধন কৰিব লাগিব। এটা জাতিৰ ভাষা আৰু সাহিত্যৰ উন্নতিৰ সাধন হ'লেহে ভাষাটোৱে এক স্বকীয় পৰিচয় লাভ কৰিব পাৰে। সাধাৰণ শিক্ষাৰ সোঁত জনসাধাৰণৰ মাজলৈ বোৱাই দিব লাগিব। শিক্ষাইহে এটা জাতিক আগবাঢ়ি যোৱাত সহায় কৰে আৰু ধৰ্মনীতিৰ বিমল কিৰণেৰে গোটেই দেশখনক পোহৰাই তুলিব লাগিব।
৬। বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল, 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা।
উত্তৰ:-
৭। তলৰ কথা কেইশাৰীৰ তাৎপর্য বহলাই লিখোঁ আহা:
(ক) আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৱতী কৰিব পাৰিলে নিজৰাই নিজে গৈ সাগৰৰ লগত মিলিব পাৰিব।
উঃ- আমি আমাৰ মাতৃভূমিৰ প্রতি শ্রদ্ধাশীল হ'ব লাগে। মাতৃভূমিক যি নামেৰে পাইছোঁ সেই নামকেই সাদৰেৰে গ্ৰহণ কৰিলব লাগে আৰু প্ৰতিজন অসমীয়াই নিজৰ মাতৃভূমিৰ গৌৰৱ বঢ়াবলৈ যত্নৱান হ'ব লাগে। আর্য-অনার্য আদি অনেক জাতি-জনজাতি মিলি বৰ্তমানৰ অসমীয়া জাতিৰ সৃষ্টি হৈছে অসমৰ ভাষা, সাহিত্য, বুৰজী, লোকতত্ত্ব, সমাজতত্ত্ব আদি সকলো বিষয়ৰ ওপৰত আলোচনা আৰু অনুসন্ধান হ'ব লাগে। আমাৰ অসমীয়া সমাজত প্রচলিত পুৰণি সাধু, পটন্তৰ, যোজনা, ফকৰা, সাঁথৰ, নাম, গীত মালিতা, ভাওনা, সবাহ, ক্রীড়া-কৌতুক, পুৰণি মন্দিৰ, দৌল দেৱালয় আদি সকলোবোৰৰ তথ্য সংগ্ৰহ কৰিব লাগে। গোটেই অসমীয়া জাতিটোক সম্পূর্ণকৈ জানিবলৈ হ'লে আমি অতি ক্ষুদ্র ক্ষুদ্র বিষয়ৰ পৰা পুংখানুপুংখ ভাবে সকলো বিষয় সামৰি খৰচি মাৰি জানিব লাগিব। ইয়াৰ বাবে নিজৰ ভিতৰত এটা স্বাতন্ত্র্যৰ অনুভূতি থাকিব লাগিব। তেতিয়াহে এই বিষয়ত সফল হ'ব পাৰিব। আগেয়ে নিজৰ ক্ষুদ্ৰ নিজৰাক বৰ নৈৰ নিচিনা বেগৰ্তী কৰিব পাৰিলে নিজৰাই নিজেই গৈ সাগৰত মিলিব পাৰিব। অৰ্থাৎ নিজৰ ভিতৰত থকা স্বাতন্ত্র্যৰ অনুভূতিক জগাই তুলি কোনো বিষয়ৰ ওপৰত অনুসন্ধান কৰিলে সি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।
(খ) 'সৰুটি হৈ হে সংসাৰত সৰকিব পাৰি, ভেম আৰু আলাহেৰে উদগতি কৰিব নোৱাৰি'।
উঃ- এই সংসাৰখন অতি বিশাল। ইয়াত বহুতো ওখ-চাপৰ, খলা-বমা আদি আছে। ইয়াক পাৰ হোৱা বা সৰকিব পৰাটো সহজ কথা নহয়। অর্থাৎ • সংসাৰত আগবাঢ়ি যাবলৈ হ'লে আমি নিজৰ মাজত থকা ভেম, অহংকাৰ আদি সকলো ত্যাগ কৰি নিজকে অতি ক্ষুদ্ৰ ৰূপত প্ৰকাশ কৰিব লাগিব ভেম, অহংকাৰ আদিক প্রাধান্য দিলে কোনেও সংসাৰত উন্নতি কৰিব নোৱাৰে। তেনে লোক সকলোৰে অপ্রিয় হয়। ভেম, অহংকাৰ আদিবোৰে এজন মানুহক উন্নতিৰ পথত আগুৱাই যোৱাত বাধা প্ৰদান কৰে।
৮। অসম পাঠটিৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দবোৰ বাছি উলিয়াই লিখা।
পৰাধীন , অনুচিত , অসন্তোষ , নিৰানন্দ , বিদেশ , বর্জন
উত্তৰ:-
৯। সন্ধি গঠন কৰা আৰু ভাঙা।
যথা + অর্থ দেৱালয়
বিদ্যা + আলয় নৰেন্দ্ৰ
উৎ + গতি উন্নতি
উৎ + যাপন উদ্ভৱ
উত্তৰ:-
১০। তলৰ শব্দকেইটাৰে একোটাকৈ বাক্য সাজা।
অসম , জনমভূমি , জনাজাত , অনুসন্ধান , সংগ্রহ , সংসাৰ , ক্ষুদ্র
উত্তৰ:-
অসম - আমাৰ মাতৃভূমি অসম বিভিন্ন জাতি জনজাতিৰ মিলনভূমি।
জনমভূমি- জননী জনমভূমি স্বর্গতকৈও শ্রেষ্ঠ।
জনাজাত - দস্যু ৰত্নাকৰ পিছলৈ বাল্মীকিরূপে জনাজাত হৈ পৰিল।
অনুসন্ধান- পুলিচে চোৰটো বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে।
সংগ্ৰহ - ল'ৰাবোৰে বান পীড়িতসকলক সহায় কৰিবলৈ দান-বৰঙণি সংগ্ৰহ কৰিছে।
সংসাৰ- এই বিশাল সংসাৰখনত আমি প্রতিজনেই ক্ষুদ্র ক্ষুদ্র ধূলিকণা স্বরূপ।
ক্ষুদ্র - চকুৰে নমনা ক্ষুদ্র ক্ষুদ্র জীৱবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰা হয়।
১১। তোমালোকে তলৰ শব্দকেইটাৰ প্রত্যয়বোৰ ভাঙি দেখুওৱা। শাৰীৰিক, দৈহিক, মৌখিক, সামাজিক।
উঃ- শাৰীৰিক = শৰীৰ + ইক
দৈহিক = দেহ + ইক
মৌখিক = মুখ + ইক
সামাজিক = সমাজ + ইক
১২। দেশৰ সেৱা কৰা মানে দেশৰ বাবে কৰা সকলো সৰু-বৰ কাম। তোমালোকে বিদ্যালয়ৰ ছাত্র-ছাত্রী হিচাপে কেনেদৰে দেশৰ সেৱা কৰিবা?
উঃ- বিদ্যালয়ব ছাত্র-ছাত্রী হিচাপে আমি বিভিন্ন ধৰণৰ কামেৰে দেশৰ সেৱা কৰিব পাৰোঁ। পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে সজাগতা আনিবলৈ ৰাইজৰ মাজত সভা-সমিতি অনুষ্ঠিত কৰিব পাৰোঁ। বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিব পাৰোঁ, বানপানীৰ সময়ত দান-বৰঙণি সংগ্ৰহ কৰি বানপীড়িত ৰাইজক সহায়-সাহায্য কৰিব পাৰোঁ। সৰু ল'ৰা-ছোৱালীবোৰক চৰিত্ৰ গঠনৰ বাবে প্রয়োজনীয় শিক্ষণ দিব পাৰোঁ। এইদৰে বিভিন্ন ধৰণৰ সৰু সৰু কাম কৰি সমাজৰ হিত সাধন কৰিব পাৰোঁ।
১৩। আহোম ৰজাৰ দিনৰ কি কি কীৰ্তি চিহ্ন আমি এতিয়াও দেখিবলৈ পাওঁ। নামবোৰ লিখা।
উঃ- আহোম ৰজাৰ দিনৰ বিভিন্ন কীৰ্তিচিহ্নবোৰ হ'ল- জয়সাগৰ পুখুৰী, জয়দৌল, শিৱসাগৰ পুখুৰী, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, নামদাঙৰ শিলৰ সাঁকো, ধোদৰআলি, ৰুদ্রসাগৰ পুখুৰী, চৰাইদেউ মৈদাম ইত্যাদি।
১৪। এই পাঠটোৰ আৰু 'অ মোৰ আপোনাৰ দেশ' গীতটিৰ লেখকজনৰ নাম লিখি তেখেতৰ দেশসেৱাৰ বিষয়ে কেই শাৰীমান বাক্য লিখা।
উঃ- এই পাঠটোৰ আৰু 'অ মোৰ আপোনাৰ দেশ' গীতটিৰ লেখকজনৰ নাম হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।
তলত লক্ষ্মীনাথ বেজবৰুৱাৰ দেশসেৱাৰ বিষয়ে কেইশাৰীমান বাক্য লিখা হ'ল-
স্বদেশ আৰু স্বজাতিৰ প্ৰতি লক্ষ্মীনাথ বেজবৰুৱাৰ অপৰিসীম ভালপোৱা আছিল। স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ বাবে মাতৃভূমিৰ সেৱাত ব্রতী হ'বলৈ তেখেতে সকলোকে আহ্বান জনাইছিল। তেখেতৰ গীত, নাট, হাস্য ব্যংগাত্মক ৰচনাবাজিত স্বদেশ প্ৰেমৰ ভাব সুন্দৰকৈ প্ৰকাশ হোৱা দেখা যায়।
১৫। তোমাৰ জিলাত থকা মন্দিৰ, দৌল আৰু দেৱালয়ৰ তথ্য সংগ্রহ কৰি এখন তালিকা প্রস্তুত কৰা।
উঃ- (তোমালোকে নিজৰ জিলাত থকা মন্দিৰ, দৌল আৰু দেৱালয়ৰ তথ্য সংগ্ৰহ কৰি তালিকা প্রস্তুত কৰিবা।)
১৬। ছবি দুখন পর্যবেক্ষণ কৰা আৰু প্ৰতিখন ছবিৰ বিষয়ে একোটিকৈ টোকা লিখা।
উত্তৰ: প্ৰথম চিত্ৰখনত :- এখন চাহ বাগিছাৰ চিত্ৰ দাঙি ধৰা হৈছে। সাধাৰণতে সুগন্ধযুক্ত আৰু সোৱাদযুক্ত একপ্ৰকাৰৰ গৰম পানীয়ক চাহ বুলি কোৱা হয়। চীন দেশত প্রথমে চাহ উৎপাদন কৰা হৈছিল। তাৰপৰা পৃথিৱীৰ সকলো দেশলৈ ই বিয়পি পৰে।
দ্বিতীয় চিত্ৰখনত :- বানপানীৰ বিষয়ে অংকণ কৰা হৈছে। বৰ্তমান সময়ৰ এটা ভয়ংকৰ প্ৰাকৃতিক দুর্যোগ হৈছে বানপানী। নদীৰ পানী বহন কৰা ক্ষমতাতকৈ বেছি পানী বহন কৰিবলগীয়া হ'লে সাধাৰণতে বানপানীৰ সৃষ্টি কৰে। এনে পানী বৈ থাকে। এই বোৱতী পানীয়ে গছ-গছনি, ঘৰ-দুৱাৰ, জীৱ-জন্তু আদি উটুৱাই নিয়ে। বানপানীয়ে সাম্ভাব্য অঞ্চলৰ ঘৰ-দুৱাৰ, ব্যৱসায়-বাণিজ্য আদি প্রায়েই নষ্ট কৰে। যিহেতু নদী কাষৰীয়া ঠাইসমূহৰ যাতায়াত, কৃষি আদিৰ বাবে উপযোগী, সেইবাবে বানপানী মানৱ জাতিৰ বাবে এক ডাঙৰ সমস্যা।
Thank You