Class 8 Assamese chapter 1

OSPIN ACADEMY
0

 বিষয়ঃ অসমীয়া 
শ্ৰেণীঃ (VIII)

অধ্যায় – 1
  নিয়ৰ

প্রশ্ন ১। কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা।

উত্তৰ: নির্দেশনা: কবিতাটি পড়োতে বানান আৰু শব্দবোৰৰ উচ্চাৰণ যাতে শুদ্ধ হয় আৰু ধ্বনি স্পষ্ট হয় অর্থাৎ খোকোজা নালাগে তালৈ লক্ষ্য ৰাখিবা। দৰকাৰ অনুভৱ কৰিলে শিক্ষকৰ সহায় ল'বা।

কবিতাৰ আবৃত্তিৰ লগত অঙ্গ চালনাৰ সম্পৰ্ক আছে। কি ভাব প্রকাশ কৰিবলৈ শৰীৰৰ অঙ্গ কিদৰে চালনা কৰিব লাগিব তাক জনাৰ দৰকাৰ। সেয়ে শিক্ষকৰ পৰা আবৃত্তি শিকি ল'বা।


প্রশ্ন ২। উত্তৰ দিয়া:

প্রশ্ন (ক) মুকুতা মণিটি বুলি কবিয়ে কাক কৈছে?

উত্তৰ : প্ৰকৃতিৰ বুকুত সৰি পৰা নিয়ৰকণাক কৈছে।


প্রশ্ন (খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?

উত্তৰ: কবিয়ে নিয়ৰক মুকুতা মণি, নিশাৰ আকাশৰ তৰা, নাচোনত সৰি পৰা

ডিঙিৰ মণি নাইবা এটুপি চকুপানীৰ স'তে তুলনা কৰিছে।


প্রশ্ন (গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?

উত্তৰ: নাচি-নাচি হাঁহি থকা সপোনটিৰ কথা নিয়ৰে হিয়াত সাঁচি থোৱাৰ কথা কৈছে।


প্রশ্ন (ঘ) ফুলনিত কি ছিগি ৰৈ গ'ল?

উত্তৰ: নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা মণি ফুলনিত বৈ গৈছিল।'


প্রশ্ন (ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?

উত্তৰ নিশা স্বৰ্গত টোপনি যোৱা তৰাবোৰ এটি-এটিকে সৰি থকাৰ কথা কৈছে। 


প্রশ্ন ৩। কবিতাটোৰ মূলভাব চমুকৈ লিখা।

উত্তৰ: কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিশা সৰি পৰা নিয়ৰৰ টোপালবোৰ দেখি আনন্দত আত্মহাৰা হৈ কল্পনা ৰাজ্যত উটি-বুৰি ফুৰিছে। নিয়ৰকণাক কবিয়ে ফটিকত ধোৱা মুকুতামণিৰ লগত তুলনা কৰিছে। কবিৰ কল্পনাত ই নিশাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ অন্য এক মধুৰ ৰূপ। আনহাতে কবিয়ে এইদৰেও কল্পনা কৰিছে ই যেন নৃত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটা মণি। ইয়েই যেনিবা হাঁহি-নাচোনৰ আনন্দৰ চিন। অথবা পুৱাৰ বেলিৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানী। কিন্তু পুৱাৰ বতাহজাকে ফুলৰ পাহিবোৰ জোকাৰি দিয়াত কবিৰ ভাবত আউল লাগে। সেয়ে কবিয়ে "হাঁয়, কি বিষম" বুলি আক্ষেপ প্রকাশ কৰিছে।



 প্রশ্ন ৪। শব্দ-সম্ভাৰ আৰু অভিধান চাঁই তলৰ শব্দবোৰৰ অর্থ লিখা:

উত্তৰ:

শব্দ অর্থ

ফটিক —------------------------- স্বচ্ছ, নির্মল (পানী)

শোভে —----------------------- সৌন্দৰ্যৰ পোহাৰ মেলে, দীপ্তময় হৈ উঠে

হেঙুলি —----------------------- পাৰা আৰু গন্ধকেৰে প্ৰস্তুত কৰা কাঠত ৰং                                                                                                

                                                দিয়া এবিধ ৰঙা ৰঙৰ বস্তু

নিজম —----------------------- নিৰল, নিস্তব্ধ

নিচুক ----------------------------কান্দিবলৈ এৰি শান্ত হোৱা


প্রশ্ন ৫। প্রসঙ্গ-সংগতি দর্শাই ব্যাখ্যা কৰা:

"নিজম আকাশৰ নিচুক কথাটি 

হিয়াত থৈছে সাঁচি 

কোন কাহানিৰ সপোন দেখিছে

 কোনে হাঁহিছিল নাচি।"


উত্তৰ: উপৰোক্ত কবিতাফাকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ ৰচিত "নিয়ৰ" নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আকাশত টোপনি গৈ থকা তৰা কিদৰে নিয়ৰৰ টোপাল হৈ সৰি পৰি অতীতত হাঁহি হাঁহি নাচি থকাৰ সপোন দেখিছিল, সেই কথাকে ইয়াৰ দ্বাৰা ব্যক্ত কৰা হৈছে।


মুকুতামণি সদৃশ নিয়ৰৰ টোপালবোৰ কবিৰ বাবে আকাশৰ পৰা টোপনিতে সৰি পৰা একো-একোটি তৰা। শান্ত হ'বলৈ নীৰৱ-নিজম আকাশে গোৱা নিচুকনি কথাবোৰ তৰাবোৰে অতি মৰমেৰে হিয়াত সাঁচি থৈছিল। আকাশত তৰা ঢিমিক-ঢামাককৈ উজলি থাকে। এনেহে লাগে যেন আনন্দতে সিহঁতে হাঁহি-হাঁহি নাচি আছে। আকাশত হাঁহি-হাঁহি নাচি থকা সেই তাহানিৰ দিনবোৰ এতিয়া সিহঁতৰ বাবে এটি সপোন যেন হৈ পৰিছে। 


প্রশ্ন ৬। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা:


উত্তৰ:

ধোৱা —- যোৱা

মণি — কণী

সাঁচি — নাচি

ভাঁহি — পাহি


'খ'- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)


প্রশ্ন ৭। উল্লিখিত শব্দবোৰৰ সমার্থক শব্দ লিখা:

উত্তৰ: 

টোপনি — ঘুমটি

বেলি — সূর্য

পানী— জল

ফুল — পুষ্প

নিশা — ৰাতি

আকাশ — গগন, অন্তৰীক্ষ

সপোন — স্বপ্ন, সমাজিক

চকু —অক্ষি, লোচন



প্রশ্ন ৮। বিপৰীত অর্থ বুজোৱা শব্দ লিখা:

উত্তৰঃ 

ছিগা—নিছিগা

সৰগ— মৰত 

পুৱা — গধূলি

দিন — ৰাতি

নিজম — কোলাহল

হাঁহি — কান্দোন 


প্রশ্ন ৯। বাক্য ৰচনা কৰা:

উত্তৰ: 














জানো আহা


পাঠত তোমালোকক জানি-বুজি ল'বৰ বাবে "জানো আহা" শীর্ষক কথাখিনি অন্তৰ্ভূক্ত কৰা হৈছে। শিক্ষকৰ সহায়ত কথাখিনি অতি মনোযোগসহ বুজি ল'বা। তৎসম, অর্ধতৎসম, তদ্ভৱ আৰু আমি দৈনন্দিন ব্যৱহাৰ কৰা সহজ-সৰল ইংৰাজী শব্দবোৰ ইয়াত উল্লেখ কৰা ধৰণে বুজি লৈ মনত ৰাখিবলৈ চেষ্টা কৰিবা।

ইংৰাজী শব্দৰ লগত অসমীয়া শব্দ আৰু প্রত্যয় যোগ হৈ কিছুমান মিশ্র শব্দ অসমীয়া ভাষাত গঠন হোৱা দেখা যায়। পাঠত উদাহৰণ দিয়া তেনেবোৰ শব্দ মনত ৰাখিবা। 

প্রশ্ন ১০। "নিয়ৰ" কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভব শব্দবোৰৰ তালিকা এখন প্রস্তুত কৰা।


উত্তৰঃ 

তৎসম শব্দ: মণি, নিশা, আকাশ, বায়ু

তদ্ভব শব্দ : ফটিক, সাঁচি, নাচিছিল, ফুল

তৎসম আৰু তদ্ভব শব্দৰ তালিকা:

তৎসম : স্নেহ, কর্ম, মুক্তা, সর্প, পদ্ম, কমল, কর্ণ, শস্য, শব্দ, ভক্তি, আকাশ,    

                 বংশ, অংশ, বর্ণ, দীর্ঘ ইত্যাদি।

তদ্ভব শব্দ : কাম, হাত, ঘৰ, গছ, সাপ, দাঁত, আজি, কাণ, চকা, সাঁচ ইত্যাদি।


প্রশ্ন ১১। দৈনন্দিন জীবনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা।

উত্তৰঃ

(ক) শিক্ষা সম্বন্ধীয় শব্দ: স্কুল, কলেজ, পেন, স্কেল, কম্পিউটাৰ, মাউচ, মাষ্টাৰ, উপেন, পেপাৰ, পেঞ্চিল।

(খ) খেল সম্বন্ধীয়: ক্রিকেট, ফুটবল, দবা, কেৰম, ডিচকাছ থ্র', বেমিন্টন, ভলীবল, লংজাম্প, বাইক ৰেলী, মাৰাথন ৰেচ, স্নেক খেল, লুডু।

(গ) যান-বাহন: স্কুটাৰ, মটৰ, ট্রেইন, প্লেন, বাইক, কাৰ, মিনিবাছ, ট্রাক, চিটিবাছ ইত্যাদি।


(ঘ) পোছাক-পাতি: ফ্রক, লংপেন্ট, হাফপেন্ট, ছাৰ্ট, আণ্ডাৰওৱেৰ, স্কার্ট, কোট-পেন্ট ইত্যাদি।

(ঙ) আচবাব: টেবুল, চেয়াৰ, বেঞ্চ, ডেক্স, ডাইনিং টেবুল ইত্যাদি।

(চ) বাচন-বর্তন: কাপ, প্লেট, টি-পট্, ফ্লাক্স, হটকেচ, গ্লাচ ইত্যাদি।


প্রশ্ন ১২। এটা শব্দত প্রকাশ কৰা :

(ক) যি আনৰ উন্নতি দেখিব নোৱাৰে

উত্তৰ: পৰশ্রীকাতৰ

(খ) একে মাকৰ সন্তান

উত্তৰ: সহোদৰ

(গ) যাৰ ঘৰ-বাৰী নাই

উত্তৰ: অঘৰী

(ঘ) যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে

উত্তৰ: অবিবেচক

(ঙ) যি আগেয়ে হোৱা নাই

উত্তৰ: নাভূত, অভূতপূর্ব


প্রশ্ন ১৩। "নিয়ৰ” কবিতাটিত পোৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দ যুক্ত হৈ সঠিক খণ্ডবাক্যবোৰেৰে বাক্য ৰচনা কৰা :

উত্তৰ:

তৰা-নৰা ছিঙি: গৃহস্থ সাৰ পোৱাত চোৰটোৱে তৰা-নৰা ছিঙি দৌৰিলে।

আকাশত চাং পতা: আকাশত চাং পতা মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে।

পানীৰ তলৰ কাঁইট: মধুক দেখিছাহে তেনে, সি পানীৰ তলৰ কাঁইট, অলপ সাৱধানে চলিবা।

কথা চহকী: কথাচহকী মানুহে কেতিয়াবা নক'বলগীয়া কথা কৈ বিপদত পৰে।

হিয়াৰ আমঠু: মানুহগৰাকীৰ হিয়াৰ আমঠু একমাত্র সন্তানটি দুর্ঘটনাত মবিল। অলীক সপোন: বমেনে অলীক সপোন দেখি থাকোঁতেই আধা বয়স গ'ল।

চকু চৰহা: চকু চৰহা লোকক কোনেও ভাল নাপায়।


জানোঁ আহা

ভালদৰে পঢ়ি বুজি ল'বা। এইদৰে বানান ভেদে অর্থ বেলেগ হোৱা আন শব্দ

কিছুমান সংগ্ৰহ কৰি শিকি ল'বা।


প্রশ্ন ১৪। তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি, ভাঙি, ছিগি, ছিঙি বহুৱাই পূৰ কৰা:

উত্তৰঃ

(ক) মেৰামতি নকৰাৰ বাবে জহি-খহি ঘৰটো ভাগি গ'ল।

(খ) ধুমুহাই ঘৰটো ভাঙি পেলালে।

(গ) পুৰণি হোৱা বাবে ৰছীডাল ছিগি থাকিল।

(ঘ) জোৰকৈ টনা-আঁজোৰা কৰা বাবে ৰছীডাল ছিঙি গ'ল।

(ঙ) এবছৰ নৌহওঁতেই মথাউৰিটো ভাগি গ'ল।

(চ) বানপানীয়ে মথাউৰিটো ভাঙি পেলালে।


'গ'- জ্ঞান সম্প্রসাৰণ


প্রশ্ন ১৫। দলত বহি নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা।

(ক), (খ) আৰু (গ)

উত্তৰ: (ক), (খ) আৰু (গ) প্রশ্ন তিনিটাৰ বিষয়ে তোমাৰ অভিজ্ঞতাৰ কথা বর্ণনা কৰা আৰু আনবো অভিজ্ঞতাৰ বিষয়ে শুনা। এই ক্ষেত্রত আনে কোৱা কথাৰ ভালবোৰ গ্রহণ কৰি পুনৰ নিজে ক'বলৈ যত্ন কৰিবা। দৰকাৰ অনুভৱ কৰিলে শিক্ষকৰ পৰা শিকি ল'বা।


জানোঁ আহাৰ কথাখিনি পঢ়ি বুজি লোৱা


প্রশ্ন ১৬। সাঁথৰ ভাঙা:

(ক) মৌ মাখি নহয় কিন্তু কৰে গুণ গুন বামুণ নহয় কিন্তু কান্ধত লগুণ।

উত্তৰ: যতৰ 

(খ) ৰজাৰ ঘৰৰ হাতী ধান খায় পাচি পাচি।

উত্তৰ: ঢেঁকী 

(গ) বজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি।

উত্তৰ: জিভা 


By Jubail

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !