Class 8 Assamese chapter 2

OSPIN ACADEMY
0
NCERT Solutions - Classes 6 to 10

Welcome to NCERT Solutions Hub

Your one-stop solution for NCERT answers from Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group:

 বিষয়ঃ অসমীয়া 

শ্ৰেণীঃ (VIII)


অধ্যায় – 2

যুগমীয়া শৰাইঘাট

প্রশ্ন ১। উত্তৰ দিয়া :


(ক) অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল?

উত্তৰ: অতীতৰ শৰাইঘাটৰ প্রধান সমস্যা আছিল- সামৰিক।


(খ) বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ কি কি?

উত্তৰ : বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল- সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ঐতিহাসিক। তদুপৰি বিভিন্ন প্রাকৃতিক দুর্যোগ, শিক্ষাসংক্রান্তীয় সমস্যা আদিৰে ভৰপূৰ।                                

(গ) ৰামসিংহ কোন আছিল?

উত্তৰ : ৰামসিংহ আছিল ৰাজপুত ৰজা আৰু ঔৰংজেৱৰ প্ৰধান সেনাপতি।


(ঘ) তেওঁ কিয় অসমলৈ আহিছিল?

উত্তৰ: মোগল সম্রাট ঔৰংজেৱৰ আদেশ মতে তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল।

                                                                                                          (ঙ) শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল?

উত্তৰ: শৰাইঘাটৰ ৰণ আহোম আৰু মোগল সৈন্যৰ মাজত হৈছিল।


(চ) লাচিতৰ অধীনত কিমান সৈন্য আছিল?

উত্তৰ: লাচিতৰ অধীনত এক লক্ষ সৈন্য আছিল।


(ছ) মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি আছিল?

উত্তৰ: মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা।


(জ) মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল?

উত্তৰ: মোগল সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল।


(ঝ) ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল। উত্তৰ:ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত বুজাবলৈ গৈছিল যে

এই টোপোলাত থকাৰ দৰে তেওঁলোকৰ সৈন্য অলেখ। 


(ঞ) লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল?

উত্তৰ: অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে বামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। প্রশ্ন ২। পাঠত থকাৰ দৰে সংলাপবোৰ লিখা:


(ক) কথাৰ যুদ্ধেৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰণুৱাসকলক কি কৈছিল?

উত্তৰ: শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে জ্বৰৰ গাৰেই মোগলৰ লগত যুঁজিবলৈ ওলাই আহি অসমীয়া সৈন্যসকলক কৈছিল- "অসমীয়া বৰণুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাত মোৰ শটো থ'বা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা।"


(খ) অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্রশংসা কৰি কি কৈছিল?

উত্তৰ: অসম এৰি যোৱাৰ সময়ত মোগল সেনাপতি ৰামসিংহই অসমীয়াসকলক প্রশংসা কৰি কৈছিল, “ধন্য বজা, ধন্য মন্ত্রী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ।"


(গ) কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি বীৰ লাচিতে কামাখ্যা গোসাঁনীক সেৱা কৰি কি কৈছিল?

উত্তৰঃ কামাখ্যা গোসাঁনীলৈ সেৱা কৰি লাচিতে ঘোষণা কৰিছিল, "যুদ্ধৰ কামত পাছ হুঁহকিলে মই এই হেংদানেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেৱক জনাম।" 

(ঘ) বৰ আইকুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল?

উত্তৰ : কাপোৰৰ আঁৰৰ পৰা বৰ আইকুঁৱৰীয়ে স্বৰ্গদেউক উপদেশ দিছিল- "বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব। ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চিত।"


প্রশ্ন ৩। বহলাই লিখা:

(ক) যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও আৰু কিহৰ প্ৰয়োজন আছে লিখা ? উত্তৰ:যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰেও বেছি প্রয়োজন সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বার্থহীন মনোবৃত্তি, কর্মনিষ্ঠতা আৰু মনত বিজয়ৰ বাবে তীব্র বাসনা। 

(খ) সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগলৰ সৈন্যৰ মাজৰ পৰা সাৰি আহিবলৈ সক্ষম হৈছিল বর্ণনা কৰা।

    উত্তৰ: শৰাইঘাটৰ যুদ্ধৰ আন এজন সেনাপতি আছিল কোৱামৃদ্ধা হাজৰিকা। নৌযুদ্ধ চলি থাকোঁতে সুবিধা বুজি মোগল সৈন্যই ব্রহ্মহ্মপুত্রৰ বুকুতে নাৱেৰে সৈতে কোৱামৃদ্ধাক চাৰিওফালৰ পৰা আগুৰি ধৰি ওলাই আহিব নোৱাৰা কৰিলে। লগতে মোগল সৈন্যই হাজৰিকাক নাচিবলৈ দিছিল। হাজৰিকা নাচিবলৈ মাস্তি হ'ল এটা চর্তত। যিহেতু নাচৰ লগত সংগত কৰিবলৈ খোল-মুদংগ নাই, গতিকে মোগল সৈন্যই হাত চাপৰি বজাই নাচৰ লগত তাল্ দিব লাগিব। মোগল সৈন্যই হাজৰিকাৰ চতুৰালি ধৰিব নোৱাৰি ব'ঠা এৰি আনন্দত মতলীয়া হৈ হাত চাপৰি মাৰিবলৈ ধৰিলে। ইফালে, হাজৰিকাই নাচৰ তালতে চকুৰ ইংগিতেৰে নিজৰ নাৱৰীয়াক জোৰেৰে ব'ঠা মাৰি আগবাঢ়িবলৈ দিলে। নাৱৰীয়াই ছেগ বুজি অসমীয়া সৈন্যৰ ফালে নাও চোঁচা মাৰি লৈ যোৱাত মোগল সেনাই ব'ঠা ধৰি তত্‌ পাই মানে হাজৰিকা গৈ অসমীয়া সৈন্যৰ মাজত সোমাই পৰিছিল। এইদবে, উপস্থিত বুদ্ধি খটুৱাই অসমীয়াৰ অন্যতম সেনাপতি কোৱামৃদ্ধা হাজৰিকা মোগল সৈন্যৰ বন্ধনৰ পৰা হাত সাৰি আহিবলৈ সক্ষম হৈছিল।


(গ) শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা।

উত্তৰ: শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ আছিল- সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুবর্তিতা, বিপদৰ সম্মুখীন হ'ব পৰা ধৈর্য, সংকটত নির্ভীকতা, দুর্নীতি দমন, দেশৰ মংগলার্থে আত্মনিয়োগ, স্বার্গত্যাগ আৰু আত্মকন্দল ত্যাগ।


প্রশ্ন ৪। প্রসঙ্গ সঙ্গতি দর্শাই বুজাই লিখা:

        (ক) অগ্নি, সর্প আৰু প্রলোভন- এই তিনি একে ধৰণৰ বিষাক্ত।

কথাফাকি বুৰঞ্জীবিদ ড° সূর্যকুমাৰ ভূঞাৰ "যুগমীয়া শৰাইঘাট” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

      অসমীয়া কটকী ৰামচৰণ কিদৰে ৰামসিংহৰ প্ৰৰোচনাত পৰি প্রলোভিত হৈছিল, সেই প্ৰসংগত কথাষাৰৰ অৱতাৰণা কৰা হৈছে। মোগলে যিকোনো প্ৰকাৰে অসমীয়া সৈন্যক হাত কৰিবলৈ বিচাৰি ফুৰিছিল। চতুৰ মোগল সেনাপতি ৰামসিংহই অসমীয়া কটকীক প্রলোভিত কৰাৰ বসনাৰে অসমীয়া কটকী ৰামচৰণ আৰু নিমক ৰাজপুতনাৰ ফালৰ চৰাইৰ নাচ দেখুৱাইছিল। দুয়ো কটকী চৰাইৰ নাচ চাই মুগ্ধ হৈছিল। সেয়ে ৰামচৰণে অসমীয়াসকলক দেখুৱাবৰ বাবে এটা চৰাই খুজিলে। ফন্দিয়ক ৰামসিংহই তেওঁক দুটা চৰাই দিলে। সময়ত লাচিত বৰফুকনে এই কথা গম পাই বৰ ক্রোধান্বিত হৈ উঠিল। তেওঁ জানিছিল যে- জুই, সাপ আৰু লোভ- এই তিনিওটা বৰ বিষাক্ত বস্তু। এই তিনিটাই সকলো ধ্বংস কৰিব পাৰে। ৰামসিংহৰ ফান্দত ভৰি দিয়া মানেই অসমীয়া সৈন্যৰ পৰাজয় নিশ্চিত। কিয়নো, প্রলোভনত পৰি অসমীয়া সৈন্যই নিজৰ গোপন তথ্যৰ সম্ভেদ মোগলক দিব। সেইবাবে, প্রলোভনৰ উপক্রম দেখি, প্রলোভনক কলিতে নির্মূল কৰি পুলিয়ে-পোখাই উঘালি পেলাবৰ বাবে লাচিত বৰফুকনে কটকী ৰামচৰণক লোহা লগাই শাস্তি দি দৃষ্টান্ত দাঙি ধৰিছিল। বৰফুকনৰ এনে বিচক্ষণ দৃষ্টিভংগী আৰু সুসিদ্ধান্তই অসমীয়া সৈন্যক যুদ্ধপৰাজয়ৰ সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিছিল।


(খ) "বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে।" উক্ত বাক্যাংশ সূর্যকুমাৰ ভূঞাদেৱৰ "যুগমীয়া শৰাইঘাট” নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।                                         

              আলাবৈৰ ৰণত দহ হাজাৰ 'অসমীয়া সৈন্যৰ মৃত্যু হোৱাত লাচিত বৰফুকনৰ আক্ষেপত ৰাজমন্ত্রী আতন বুঢ়াগোহাঁই ডাঙৰীয়াই সান্ত্বনাসূচক যুক্তিৰে বুজনি দি এই কথাষাৰৰ অৱতাৰণা কৰিছিল। 


কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ হঠাতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ আদেশত ৰণ কৰিবলগীয়া হোৱাত আলাবৈৰ যুদ্ধত একেদিনাই দহ হাজাৰ অসমীয়া সৈন্যৰ মৃত্যু হৈছিল। এনে দুখদায়ক ঘটনাত সেনাপতি লাচিত বৰফুকনে খেদ প্ৰকাশ কৰি কৈছিল যে- "তেওঁৰ একোজন সৈন্য একোটা শক্তিশালী হাতীৰ দৰে।" দুখত অধীৰ হৈ লাচিতে এই সংবাদ স্বৰ্গদেৱলৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছিল। তেতিয়া, ৰাজমন্ত্রী আতন বৰগোহাঁই ডাঙৰীয়াই বৰফুকনক সান্ত্বনা দি বুজাইছিল যে- বাৰীৰ ভিতৰৰ সাধাৰণ পুখুৰী এটা সিঁচিলেও আঠ-দহজন মানুহক শিঙিয়ে বিন্ধে। গতিকে, যুদ্ধ এখনত এনেদৰে মানুহ নিপাত হোৱাটো একো অস্বাভাৱিক কথা নহয়। ইয়াকে লৈ আক্ষেপ কৰাটোও উচিত নহয় আৰু স্বৰ্গদেৱলৈ খবৰ পঠোৱাৰো প্ৰয়োজন নাই। উক্ত মর্মান্তিক ঘটনাটি লাচিতৰ মনত গুৰুত্বহীন কৰিবৰ বাবে ৰাজমন্ত্রী ডাঙৰীয়াই এনেদৰে কৈ সেনাপতি লাচিতক সান্ত্বনা দিছিল।


                                                                                                                                (গ) “সেয়ে শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে।"


প্রসিদ্ধ বুৰঞ্জীবিদ সূর্যকুমাৰ ভূঞাদেৱৰ "যুগমীয়া শৰাইঘাট” নামৰ পাঠটিৰ পৰা উক্ত বাক্যটি লোৱা হৈছে।


লিখকে লাচিত বৰফুকনৰ শৰাইঘাট আৰু বৰ্তমান সময়ৰ শৰাইঘাটৰ তুলনা প্ৰসংগত কথাষাৰৰ অৱতাৰণা কৰিছে।


লাচিতৰ সময়ৰ শৰাইঘাট আছিল সমৰকেন্দ্রিক। সামৰিক সমস্যাক লৈয়ে সেই সময়ৰ শৰাইঘাট ব্যস্ত আছিল। শৰাইঘাট অর্থাৎ অসম দেশক বহিৰাগত শত্ৰুৰ পৰা ৰক্ষা কৰাই মুখ্য স্থান লাভ কৰিছিল। কিন্তু, এতিয়াৰ শৰাইঘাট অর্থাৎ অসম দেশ বিভিন্ন সমস্যাৰে জৰ্জৰিত অৰ্থাৎ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক আদি নানা ধৰণৰ সমস্যাৰে বৰ্তমানৰ শৰাইঘাট ভাৰাক্ৰান্ত। বছৰি বানপানীৰ দুৰ্যোগ, মাবি- মৰক, খৰাং বতৰ, বিভিন্ন প্রাকৃতিক দুর্যোগ, শিক্ষা বিষয়ক নানা সমস্যা আৰু নীতি- নিয়ম, দেশৰ অ-পৰিকল্পিত শাসনব্যবস্থা, স্বার্থপৰায়ণ দেশপ্রেমিক আদিৰ বাবে এটা সমস্যাৰ পিছত আন এটাই মূৰ দাঙি উঠে। বর্তমান, অসমৰ জাতীয় জীৱনৰ ছবিখন এনে ধৰণৰ। কিন্তু, লাচিত বৰফুকনে মোগল সেনাপতি ৰামসিংহৰ পৰা দেশক বক্ষা কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। বীৰ লাচিতৰ দক্ষ, সুচিন্তিত, সুশৃংখলিত পৰিচালনাৰ ফলতে শৰাইঘাটৰ ৰণত অসমৰ জয় সম্ভৱ হৈছিল। সুবিবেচিতভাৱে কার্যপন্থা নিরূপণ, ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্রহণ আৰু সম্পাদন- শৰাইঘাটৰ যুদ্ধৰ বাবে অসমীয়াৰ প্রয়োজন আছিল। সেয়ে, আজি অতীতৰ সামৰিক শক্তিৰ দৰে আজিৰ শৰাইঘাট সাজু হ'ব নালাগে কিন্তু আভ্যন্তৰীণ সমস্যাৰ বাবে সুচিন্তিত, সুপৰিকল্পিত শাসনব্যবস্থাৰ প্ৰয়োজন। নহ'লে অসম দেশ তথা ইয়াৰ ৰাইজ ৰক্ষা পৰাটো অতি কঠিন হ'ব সেয়ে, অতীতৰ শৰাইঘাট নাই যদিও এতিয়াও আন এখন শৰাইঘাট থকাৰ কথা কৈ ইয়াৰ অন্তর্নিহিত ভাব প্রকাশ কৰিছে।


(ঘ) "আফুগুটি পঠাইছা, পটাত পিহিলে পানী হ'ব।"


উদ্ধৃত বাক্যাংশ ড° সূর্যকুমাৰ ভূঞাদেৱৰ দ্বাৰা ৰচিত "যুগমীয়া শৰাইঘাট” নামৰ পাঠটিৰ পৰা লোৱা হৈছে।


মোগল সেনাপতি ৰামসিংহই তেওঁৰ সৈন্য-সামন্তৰ পৰিমাণ বুজাবলৈ লাচিত বৰফুকনলৈ আফুগুটিৰ টোপোলা পঠিয়াই ভয় খুওৱাৰ প্ৰসংগত লাচিতে উক্ত কথাষাৰ কৈছিল।


আহোম সৈন্যই পুনৰ গুৱাহাটী দখল কৰা বুলি শুনি মোগল সম্রাট ঔৰংজেবে সেনাপতি ৰামসিংহৰ নেতৃত্বত গুৱাহাটী অধিকাৰ কৰিবলৈ পঠিয়ায়। ৰামসিংহই বিজয়ৰ আশা লৈ বহুতো সৈন্য-সামন্তৰে শৰাইঘাটত উপস্থিত হ'লহি। তেওঁৰ সৈন্যৰ পৰাক্ৰম তথা সংখ্যাৰ আভাস দি লাচিতক ভয় খুওৱাবৰ বাবে এটোপোলা আফুগুটি পঠিয়াই দিছিল। ৰামসিংহই এনে বণ কৌশলৰ দ্বাৰা ভাবিছিল- হয়তো মোগলৰ এনে বিশাল সৈন্যবাহিনীর সম্ভেদ পাই লাচিতে বিনাযুদ্ধে গুৱাহাটী এৰি দিব। এনে কার্যত দেশপ্রেমিক লাচিতে কটকীৰ হাতত এচুঙা বালি পঠিয়াই ইয়াৰ সমুচিত উত্তৰ দিছিল। লগতে ইয়াকো কৈ পঠাইছিল যে- "তেওঁ পঠিওৱা আফুগুটি পটাত পিহিলে পানী হৈ যাব, কিন্তু বালিৰ কোনো পৰিৱৰ্তন নহ'ব।" বীৰ লাচিতে অতি সুদৃঢ়তাৰে, দৃঢ় শৃংখলতাৰে, সুস্থ চিন্তাৰে পৰিকল্পনা আৰু পৰিচালনা কৰি মোগলৰ বিজয় অভিযানৰ গৰ্ব খর্ব কৰিছিল। মোগলে আফুগুটি বুলি ভবা অসমীয়া সৈন্যই বীৰত্বৰে যুদ্ধ কৰি নিজৰ তথা অসম দেশৰ সন্মান ৰক্ষা কৰিছিল। লাচিতে শৰাইঘাটৰ ৰণত মোগলক পৰাস্ত কৰি অসমক বিজয়মালা পিন্ধাইছিল। তেওঁ কটকীক কৈ পঠিওৱা বীৰোচিত কথাৰ মৰ্যাদা ৰক্ষা কৰিছিল। গুণীয়ে গুণৰ মোল বুজাৰ দৰে ৰামসিংহই দেশলৈ ওভতাৰ পথত অসমৰ বীৰৰ তথা অসমীয়া সৈন্যৰ সমৰ কৌশলক ভূয়সী প্রশংসা কৰিবলৈ বাধ্য হৈছিল।


(ঙ) "এই সমস্যাবোৰ ভালৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব।"। উক্ত বাক্যশাৰী ড° সূর্যকুমাৰ ভূঞা ডাঙৰীয়াৰ "যুগমীয়া শৰাইঘাট" নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

বৰ্তমানৰ শৰাইঘাট অর্থাৎ অসমৰ জ্বলন্ত সমস্যাবোৰ সময় মতে সমাধান নহ'লে ভবিষ্যতে যে দেশ বিপদত পৰিব- সেই প্রসংগত লিখকে কথাষাৰৰ অৱতাৰণা কৰিছে। এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই। তেতিয়া, শৰাইঘাট ৰক্ষাৰ বাবে প্রয়োজন আছিল সামৰিক শক্তিৰ। কিন্তু বৰ্তমানৰ শৰাইঘাটৰ যিমানবোৰ সমস্যা তাক সময় মতে সমাধান নকৰিলে ভবিষ্যতে দেশ তথা ৰাইজৰ প্ৰতি, ভাবুকি আহি পৰিব- সেয়া স্পষ্ট। বৰ্তমান অসমৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ঐতিহাসিক- সকলো ক্ষেত্রতে নানান সমস্যাই মূৰ দাঙি উঠিছে। বীৰ লাচিতে সুপৰিকল্পনা তথা সুপৰিচালনাৰে বিদেশীক পৰাভূত কৰি দেশমাতৃৰ সন্মান ৰক্ষা কৰি কাললৈ খ্যাতি অর্জন কৰি দেশ ৰক্ষা কৰিছিল। গতিকে বৰ্তমানৰ শৰাইঘাটৰ সমস্যা সমাধান কৰিবলৈ হ'লে সেনাপতিস্বরূপ দেশৰ চৰকাৰে সুচিন্তিত আৰু সুপৰিচালনাৰে দেশৰ সমস্যা সমাধানৰ বাবে আগ নাবাঢ়িলে দেশৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। সেয়ে, বৰ্তমানৰ সমস্যা সমাধানৰ বাবে সেই শৰাইঘাটৰ মানসিকতাৰ আজিও প্রয়োজন আছে বুলি লিখকে বুজাইছে।

এতিয়াৰ সমস্যা জৰ্জৰিত অসমক উদ্ধাৰ কৰিবৰ বাবে অতীতৰ শৰাইঘাটৰ প্ৰাসংগিকতা আহি পৰিছে।










প্রশ্ন ৮। চমুকৈ লিখা:


(ক) ৰাজনৈতিক সমস্যা: ৰাজনীতি সম্বন্ধীয় সমস্যাই দেশৰ প্ৰগতি অন্তৰায়স্বৰূপ। বহিৰাগতৰ আগমন, বহিঃশত্ৰুৰ পৰা আক্ৰমণ আৰু সীমা বিবাদ আদি ৰাজনৈতিক সমস্যা- দেশ তথা ৰাইজ সকলোকে সুৰক্ষা প্রদান কৰা, সুচিন্তিত আৰু সুপৰিকল্পিত, সুশিক্ষিত তথা আধুনিক সামৰিক ব্যৱস্থা, সৈন্যবাহিনীৰ বাবে আধুনিক অস্ত্র-শস্ত্র, আহিলা-পাতি, উপযুক্তভাবে ৰচদ-পাৰি যোগান ধৰা, সু যোগাযোগ ব্যৱস্থা প্রদান কৰা, দেশৰ শাসকগোষ্ঠী আৰু সাধাৰণ ৰাইজৰ মাজত সম্ভাব-সম্প্রীতি ৰক্ষা কৰা, দেশৰ কল্যাণৰ নিমিত্তে প্রতিজন ব্যক্তি সকলো সময়তে সাজু হৈ থকা আদি ৰাজনৈতিক সমস্যা। এনে ধৰণৰ সমস্যাবোৰৰ সু সমাধান হ'লেহে এখন দেশৰ ৰাজনৈতিক অৱস্থা সুস্থ আৰু সবল হ'ব পাৰিব।


(খ) সামাজিক সমস্যা: দেশত যিদৰে দেশপ্রেমী থাকে ঠিক সেইদৰে দেশ ধ্বংস কৰা বিপথগামীও থাকে। এনে বিপথগামী দেশদ্রোহীয়ে সদায় সমাজখনক বিশৃংখল কৰি দেশৰ প্ৰগতিত বাধা দিয়ে আৰু দেশখনক অশান্তি আৰু অৰাজকতাৰে ভৰাই পেলায়। এনে কু-প্রবৃত্তি বিপথগামী ব্যক্তিৰ বেয়া শক্তিবোৰ বিভিন্ন ভাল, আদর্শনিষ্ঠ কামৰ দ্বাৰা শোধন কৰিব পাৰি। যোগ্যতা অনুযায়ী সুশিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰা, অন্ধবিশ্বাস-কুসংস্কাৰ আদি ৰোধ কৰাৰ ব্যৱস্থা, ৰোগ-ব্যাধি আদিৰ পৰা সৰ্বসাধাৰণক ৰক্ষা কৰাৰ ব্যৱস্থা আদি- সমাজ এখনৰ জ্বলন্ত সমস্যা। নাগৰিকসকল শাৰীৰিক-মানসিক-আধ্যাত্মিকভাবে সুস্থ-সবল হ'লেহে দেশ প্ৰগতিৰ পথত আগবাঢ়িব।


(গ) অর্থনৈতিক সমস্যা: স্ব-নির্ভৰশীল দেশ এখনেহে উন্নতিৰ পথত দ্রুতগতিত আগবাঢ়িব পাবে। আন্তঃৰাজ্য নাইবা বহিঃবাজ্য আদিৰ লগত অর্থনৈতিক যোগাযোগ, বিনিময়, বেপাৰ-বাণিজ্য, সুচল যাতায়াত ব্যৱস্থা আদিৰ অভাবে দেশৰ অর্থনীতিক দুর্বল কৰে। সেয়ে অর্থনৈতিক অবস্থাক সবল কৰিবলৈ নিম্নখাপৰ পৰাই সুস্থ অর্থনৈতিক গাঁথনি নিৰ্মাণ কৰি সমস্যাৰ সমাধান কৰিব পাৰি।


(ঘ) ঐতিহাসিক সমস্যা: নিজৰ জাতীয় পৰম্পৰা, ঐতিহাই, এটা জাতিব বাজহাড়স্বরূপ। প্রকৃত দেশপ্ৰেমৰ অভাব, পাহৰণিৰ গৰ্ভত জাতীয়তাবোধ, শাসন শ্রেণী, ডা-ডাঙৰীয়া আৰু সৰ্বসাধাৰণৰ মাজত সম্ভার, মিলাপ্রীতি, জাতীয় কলা-সংস্কৃতিৰ অপব্যৱহাৰ, আচাৰ, ৰীতি-নীতি আদিয়ে ঐতিহাসিক সমস্যা। এনে সমস্যাৰ সন্মানজনক আৰু মর্যাদাপূর্ণ সু সমাধানে দেশৰ ঐতিহ্যক সবল কৰাৰ একমাত্র সহজ উপায়।


(ঙ) প্রাকৃতিক সমস্যা: অসম তথা ভাৰতবৰ্ষ প্রাকৃতিক সমস্যাৰে পৰিপূৰ্ণ। বানপানী, খৰাং বতৰ, ভূমিকম্প, ভূমিস্খলন ইত্যাদি দেশৰ প্রাকৃতিক সমস্যা। এই সমস্যাসমূহৰ সমাধান হিচাপে বিভিন্ন প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰি দেশ আৰু দেশবাসীক ৰক্ষা কৰাৰ ব্যৱস্থাই দেশবাসীৰ মন সুস্থ আৰু সবল কৰি তোলাত সহায় কৰে।


প্রশ্ন ৯। "যুগমীয়া শৰাইঘাট" পাঠটিত উল্লেখ থকা আৰু নথকা অসমৰ দুর্যোগবোৰ প্ৰাকৃতিক আৰু কৃত্রিমভাবে বিভক্ত কৰা। লগতে সেইবোৰৰ কাৰণউল্লেখ কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োবা।


উত্তৰঃ "যুগমীয়া শৰাইঘাট" পাঠত উল্লেখ থকা আৰু নথকা অসমৰ দুৰ্যোগবোৰক প্রাকৃতিক দুর্যোগ আৰু কৃত্রিম দুর্যোগ- দুভাগত বিভক্ত কৰি সেইবোৰৰ কাৰণ আৰুসমাধানৰ বাবে সম্ভাব্য পৰামৰ্শ আগবঢ়োৱা হ'ল:


(ক) অসমৰ প্ৰাকৃতিক দুর্যোগসমূহ: অসমৰ প্রাকৃতিক পৰিৱেশ দুর্যোগপূর্ণ। সময়ে সময়ে বিভিন্ন প্রাকৃতিক দুর্যোগে অসমত ভয়াৱহ ৰূপ লয়। বানপানী, খৰাং বতৰ, অতিবৃষ্টি, ধুমুহা, ভূঁইকঁপ, নদীৰ গতিপথৰ পৰিৱৰ্তন, গৰাখহনীয়া আদিয়ে অসমত প্রায়ে হৈ থকা প্রাকৃতিক দুর্যোগ। প্রাকৃতিক দুর্যোগ হঠাতে প্রাকৃতিকভাবে সংঘটিত হয় যদিও সুপৰিকল্পিত আঁচনিৰ দ্বাৰা দুৰ্যোগৰ ক্ষয়-ক্ষতিৰ পৰিমাণ কিছু • কমাব পাৰি। সাধাৰণ নাগৰিকৰ সজাগতা আৰু চৰকাৰী ৰাজ-সাহায্যৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ সমস্যাৰ পৰা কিছু সকাহ পাব পাৰি। অতিবৃষ্টি, শিলাবৃষ্টিয়ে উৎপাদিত শস্য নষ্ট কৰি দেশৰ অৰ্থনীতিত গভীৰ প্ৰভাৱ পেলায়। যদিও, এনে প্রাকৃতিক দুৰ্যোগৰ পৰা উৎপাদনৰ ক্ষতি ৰুধিব নোৱাৰি, তথাপিও আধুনিক কৃষিব্যৱস্থা প্রয়োগৰ দ্বাৰা কিছু সমাধান কৰিব পাৰি। খৰাং বতৰৰ বাবে হোৱা বিভিন্ন দুর্যোগ, কৃত্রিম পানীযোগান, সুপৰিকল্পিত পানীযোগান আঁচনিৰ দ্বাৰা কৃষি তথা জনসাধাৰণৰ সমস্যা সমাধান কৰিব পাৰি। বানপানী সমস্যাৰ বাবে চৰকাৰে উপযুক্ত মথাউৰি আদি নির্মাণ কৰা, নদীৰ ওপৰঞ্চি জলভাগ কৃত্রিম নদীৰে আন ঠাইলৈ বোৱাই নিয়া আদিৰে সমাধান কৰিব পাৰি। ধুমুহা-ভূঁইকঁপ আদিৰ নিচিনা ভয়াৱহ দুর্যোগৰ বাবে জনসাধাৰণৰ মাজত উপযুক্ত প্রশিক্ষণ দি সজাগতা আৰু সাহস আৰু উপস্থিত বুদ্ধিৰ দ্বাৰা সমস্যাৰ সমাধান কৰিবলৈ শিকোৱা হয়। নদীৰ গতি পৰিৱৰ্তনৰ প্ৰতি সচেতন হোৱাৰ লগতে গৰাখহনীয়াৰ বাবে চৰকাৰৰ সহযোগত জনসাধাৰণে বাঁহৰ বুৰুজ, শিলৰ পকীবান্ধ, বৃক্ষ ৰোপণ আদিৰ দ্বাৰা কধিব পাৰি। প্ৰকৃতিৰ সৃষ্টি প্রাকৃতিক দুর্যোগৰ ওপৰত প্রতিবন্ধকতা লগাব নোৱাৰি যদিও সুচিন্তিত আৰু পৰিকল্পিত আঁচনিৰ দ্বাৰা, চৰকাৰ আৰু জনসাধাৰণৰ সমান সহযোগত ইয়াৰ ভয়াৱহতাৰ পৰা কিছু হাত সাৰিব পাৰি।


(খ) অসমৰ কৃত্রিম দুর্যোগ: কৃত্রিম বানপানী, ভূমিস্খলন, বায়ু প্রদূষণ, জল প্রদূষণ, শব্দ প্রদূষণ, নীতিবহির্ভূত উদ্যোগীকৰণ, অগ্নিকাণ্ড আদি প্রধান সমস্যা। অত্যধিক বৰষুণৰ ফলত অতিৰিক্ত পানীভাগ বৈ যাবলৈ উপযুক্ত ঠাই নাপালে ই কৃত্রিম বানপানীৰ সৃষ্টি কৰে। সেয়ে, পর্যাপ্ত পানীভাগ ওলাই যাবৰ বাবে সুপৰিকল্পিতভাৱে নলা-নর্দমাৰ আঁচনি গ্রহণ কৰি ৰূপায়িত কৰা, বিভিন্ন প্রদূষণ ৰোধ কৰিবৰ বাবে জনজাগৰণৰ সৃষ্টি কৰা, চৰকাৰী নির্দেশৰ দ্বাৰা প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা, অবৈধভাৱে পাহাৰৰ মাটি কটা নাইবা পাহাৰত বাসস্থান নিৰ্মাণ কৰাত চৰকাৰী নিষেধাজ্ঞা জাৰি কৰা, খনিজাত দ্রব্য আহৰণৰ সময়ত ভূ-গর্ভত ল'ব লগা সাৱধানতা, সততে হ'ব পৰা অগ্নিকাণ্ড সম্পর্কে সাৱধানতা অৱলম্বন কৰা উচিত। চৰকাৰী অগ্নিনির্বাপক বাহিনীক সততে যিকোনো প্রতিকূল পৰিৱেশৰ বাবে সাজু কৰি ৰখাটো উচিত।

     প্রাকৃতিক বা কৃত্রিম যিকোনো দুর্যোগেই হওক সকলো সময়তে নাগৰিক সচেতন, দুঃসাহসিক, উপস্থিত বুদ্ধিৰ দ্বাৰা ৰক্ষা পোৱাৰ মানসিকতা আৰু সহৃদয়বান, দূৰদৰ্শী চৰকাৰৰ সহযোগৰ দ্বাৰা সমাধান কৰিব পাৰি।


প্রশ্ন ১০। জাতীয় বীৰ লাচিতৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰী আৰু বেচৰকাৰীভাবে কি কি ব্যৱস্থা গ্রহণ কৰিছে লিখা। (স্মৃতিচিহ্ন, দিবস উদ্যাপন, বঁটা প্ৰৱৰ্তন, ডাক টিকট প্রচলন আদি)

উত্তৰ: জাতীয় বীৰসকলৰ প্ৰতি প্ৰত্যেক নাগৰিকেই সন্মান প্রদর্শন কৰাটো উচিত। তেওঁলোকৰ ত্যাগ আৰু বীৰত্বৰ ফলত দেশ এখনৰ নাগৰিকে সুস্থ জীৱন-যাপন কৰিব পাৰে। জাতীয় বীৰ লাচিত বৰফুকনৰ গভীৰ দেশপ্রেম আজিও সকলোৰে বাবে আদর্শস্বৰূপ হৈ আছে। ভবিষ্যতৰ নাগৰিকক অনুপ্রাণিত কৰাৰ বাবে আৰু জাতীয় বীৰক উপযুক্ত সন্মান জনাই বর্তমান অসম চৰকাৰে ব্ৰহ্মহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা শৰাইঘাট দলঙৰ দক্ষিণ মুৰত, জালুকবাৰী চাৰিআলিৰ ওচৰত, হাতত হেংদান লৈ দেশৰক্ষাৰ বাবে সাজু হৈ থকা বীৰ বেশত সেনাপতি লাচিতৰ এটা প্রতিমূর্তি নির্মাণ কৰিছে। ইয়াৰ উপৰিও, ২৪ নৱেম্বৰৰ দিনটো চৰকাৰীভাবে "লাচিত দিবস” হিচাপে উদ্যাপন কৰা হয়। বীৰজনাৰ স্মৃতিত চৰকাৰী বঁটা আৰু ডাক টিকটৰ প্ৰচলন কৰিছে। বেচৰকাৰীভাবে বিভিন্ন সংস্থা, সংঘ, অনুষ্ঠান আদিয়ে "লাচিত দিৱস” পালন কৰি জাতীয় বীৰজনাৰ প্ৰতি বিভিন্ন ধৰণে সম্মান নিবেদন কৰে। প্রশ্ন ১১। শৰাইঘাটৰ দলঙৰ দুয়ো মূৰে দুজন বীৰৰ প্ৰতিমূর্তি আছে। সেই দুজন কোন কোন? তেওঁলোকৰ বীৰত্বৰ কাহিনী লিখা।

উত্তৰ: শৰাইঘাট দলঙৰ দুয়ো মূৰে অসমৰ দুগৰাকী, দেশপ্রেমিক বীৰৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা যায়। সেয়া হ'ল- দলঙৰ দক্ষিণমূৰে থকা বীৰগৰাকী সেনাপতি লাচিত বৰফুকন আৰু উত্তৰমূৰে থকাগৰাকী কোঁচৰজা মহাৰাজ নৰনাৰায়ণৰ ভায়েক চিলাৰায় বা শুক্লধ্বজ। তেওঁলোকৰ বীৰত্বৰ কাহিনী চমুকৈ বৰ্ণনা কৰা হ'ল:


(ক) বীৰ সেনাপতি লাচিত বৰফুকন: আহোম ৰজাৰ কৰ্মচাৰী মোমাই তামুলী বৰবৰুৱাৰ সুযোগ্য সন্তান লাচিত বৰফুকনে অতি সাধাৰণ অৱস্থাৰ পৰা নিজৰ কৰ্মদক্ষতাৰ বলত সেনাপতি পদৰ অধিকাৰী হৈছিল। আহোম স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত দিল্লীৰ মোগল সম্রাট ঔরংজেৱে ৰামসিংহৰ নেতৃত্বত এদল শক্তিশালী সৈন্যবাহিনী গুৱাহাটী অধিকাৰ কৰিবলৈ পঠিয়ায়। কিন্তু বীৰ লাচিতে মোগলৰ বিজয় গৌৰৱৰ আকাংক্ষা চূর্ণ-বিচূর্ণ কৰি পেলায়। ৰামসিংহই নিজৰ শক্তি-সামর্থ্যৰ পৰিমাণ দেখুৱাই লাচিতক ভয় খুৱাবলৈ কটকীৰ হাতত এটোপোলা আফু গুটি পঠিয়াইছিল। ইয়াৰ প্রত্যুত্তৰ হিচাপে বীৰ লাচিতে এচুঙা বালি কটকীৰ হাতত পঠিয়ায়। অর্থাৎ আফুগুটি পিহিলে পানী হ'ব, কিন্তু বালিৰ পৰিমাণ একেই থাকিব। শেষত কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই নৌবাহিনী লৈ ব্ৰহ্মপুত্ৰৰে গুৱাহাটী আক্রমণ কৰিবলৈ আগবাঢ়িছিল। যুদ্ধৰ সময়ত লাচিত নৰিয়াপাটীত পৰি আছিল। গাত বিষম জ্বৰ। কিন্তু দেশমাতৃৰ প্রতি থকা গভীৰ ভালপোৱা আৰু শ্ৰদ্ধাৰ বাবেই অসুখীয়া গাৰে ৰণত জঁপিয়াই পৰিল। যুদ্ধত নেতৃত্বৰ ভাৰ লোৱা লাচিতৰ তেজস্বী আহ্বানত অসমীয়া সৈন্যদল মবো-জীউ-সোঁ-আধিকৈ ৰণলৈ আগবাঢ়িল। তেওঁ অসমীয়া সৈন্যদলক নিজৰ কৰ্তব্যৰ প্রতি সজাগ কৰিবলৈ গৈ কৈছিল যে- "যুঁজত যদি লাচিতৰ মৃত্যু ঘটে তেনেহ'লে চিলা পৰ্বতৰ ওপৰত কিনি থোৱা মাটিটুকুৰাতে তেওঁৰ শটো পুতি থ'ব আৰু যদিহে তেওঁক মোগলে ধৰি নিয়ে, তেনেহ'লে অসমীয়া সৈন্যদল সুখেৰে ঘৰলৈ উভতি যাব।” বীৰ লাচিতৰ এনে উদ্দীপ্ত বাক্যই অসমীয়া সেনাৰ অন্তৰত দেশপ্রেম, প্ৰেৰণা আৰু সাহস যোগাইছিল। উপস্থিত বুদ্ধি আৰু সাহসৰ বলত অসমীয়া সৈন্যই মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। পৰাজিত মোগল সেনাপতি ৰামসিংহই বীৰ লাচিত আৰু অসমীয়া সৈন্যৰ বীৰত্বৰ ভূয়সী প্রশংসা কৰিছিল। একমাত্র লাচিত বৰফুকনৰ বণকৌশল, দক্ষতা আৰু গভীৰ দেশপ্ৰেমৰ বাবেহে শৰাইঘাটৰ যুদ্ধত জয়ী হ'বলৈ সক্ষম হৈছিল। শৰাইঘাটৰ যুদ্ধই বীৰ লাচিতক অমৰ কৰাৰ লগে লগে তেওঁক সকলোৰে আদর্শ ব্যক্তি হিচাপে পৰিগণিত কৰালে।


(খ) বীৰ শুক্লধ্বজ বা চিলাৰায়: কোঁচৰজা বিশ্বসিংহৰ ওঠৰজন পুত্ৰ আছিল। এওঁৰ মৃত্যুৰ সময়ত বৰপুত্র মল্লদেৱ আৰু শুক্লধ্বজে কাশীত অধ্যয়ন কৰি আছিল। ৰজাৰ ইচ্ছানুযায়ী বৰপুত্ৰক ৰজা আৰু শুক্লধ্বজক সেনাপতি পতা হৈছিল। পিছত মল্লদেবে নৰনাৰায়ণ নাম লৈ সিংহাসনত আৰোহণ কৰে আৰু পিতাকৰ ইচ্ছানুযায়ী ভায়েক শুক্লধ্বজক সেনাপতি পাতে। শুক্লধ্বজে অতি দক্ষতা আৰু ক্ষিপ্ৰতাৰে যুদ্ধ কৰি বহুতো ৰাজ্য নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। চিলাৰ দৰে অতি ক্ষিপ্ৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰি বিজয় সার্থক কৰিব পৰা বাবে শুক্লধ্বজ "চিলাৰায়" নামে বিখ্যাত হৈ পৰে। নিজৰ দক্ষতা আৰু সাহসৰ জোৰত চিলাৰায়ে ১৫৬২ খ্রীষ্টাব্দত আহোমসকলক পৰাস্ত কৰাৰ পিছত মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ছিলেট আদি ৰাজ্যৰ ৰজাসকলকো কৰতলীয়া কৰি লৈছিল। নিজৰ বীৰত্বৰ ওপৰত গভীৰ আস্থা ৰাখি চিলাৰায়ে ১৫৬৮ খ্রীষ্টাব্দত গৌড় আক্ৰমণ কৰে যদিও যুদ্ধত পৰাস্ত হৈ বন্দী হয়। কিন্তু বন্দী হৈ থকা সময়তে নবাবৰ মাতৃৰ সর্পদংশন হোৱাত চিলাৰায়ে চিকিৎসা কৰি আৰোগ্য কৰাইছিল। ফলত, গৌড়ৰাজে চিলাৰায়ক মুক্তি দিছিল। ১৫৭৫ খ্রীষ্টাব্দত সম্রাট আকবৰে গৌড় আক্রমণ - কৰাত মহাৰাজ নৰনাৰায়ণে গৌড়ৰ ৰজাক সহায় কৰিছিল। এই যুদ্ধখনত ব্যস্ত হৈ থাকোঁতেই চিলাৰায় বসন্ত ৰোগত আক্ৰান্ত হৈ মৃত্যুমু

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !