জনমভূমি - Class 7 Assamese Lesson 7 Question Answer | SCERT Assam

OSPIN ACADEMY
0
NCERT Solutions - Classes 6 to 10

Welcome to Ospin Academy

Your one-stop solution for NCERT answers from Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Buy Our Courses

Enroll in our comprehensive courses for Classes 6 to 10 to enhance your learning and ace your exams!

Buy Courses Now
বিষয়ঃ অসমীয়া 
শ্ৰেণীঃ সপ্তম (VII)

অধ্যায় – 7
জনমভূমি 

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। যতি, বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।

উঃ- (যতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰা।)

২। কবিতাটো আবৃত্তি কৰা।

উঃ- (কবিতাটো আবৃত্তি কৰিবলৈ শিকা।)

৩। কোৱা আৰু লিখা।

(ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?

উঃ- কবিতাটোৰ মতে যিসকল লোকে নিজকে নিজে ডাঙৰ বুলি ভাবে তেনে নপতা ফুকনে আকাশত চাং পাতে।

(খ) অহুকাণে-পহুকাণে মানে কি?

উঃ- অহুকাণে পহুকাণে মানে হৈছে আৰ তাৰ পৰা বা ঘুনুক-ঘানাককৈ

(গ) ঘিট্ মিট্ আন্ধাৰত কি. দেখে?

উঃ- ঘিট্ মিট্ আন্ধাৰত সকলোৱে ভয়তে ভূত দেখা পায়।

(ঘ) কোনবোৰ লোকে বৰ ভয় খায়?

উঃ- "জোলোঙাৰ মেকুৰী” অর্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰাৰ ভয়ত "অলপ ধতুৱা” অর্থাৎ ভয়াতুৰ মানুহবোৰে বৰ ভয় খায়।

(ঙ) কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে?

উঃ- যিসকল লোকে ফকৰা-যোজনা নাজানে বা শিকিব নুখুজে তেনে লোকক বুদ্ধিত টোকোনা বুলি কৈছে।

৪। পাঠটোৰ আলমত চমুকৈ লিখা:

(ক) মৈত উঠিলে সহজে কাক নমাব নোৱাৰি?

উঃ- মৈত উঠিলে অঁকৰাক সহজে নমাব নোৱাৰি। অঁকৰা মৈত উঠিলে চাৰিওফালে হুৱা-দুৱা লাগে। তাক মৈৰ পৰা নুমুওৱাৰ সাধ্য কাৰো নাথাকে। অর্থাৎ কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ ফলত হাই-উৰুমিৰ সৃষ্টি হয় আৰু তাক সেই কামটোৰ পৰা বিৰত কৰাটোও বৰ সহজ কাম নহয়।

(খ) আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়?

উঃ- আঁঠুৱাৰ তলত থকা মহবোৰৰ কোনো স্বাধীনতা নাথাকে। সিহঁতে লোভৰ বশৱৰ্তী হৈ আঁঠুৱাৰ তলত সোমায় আৰু নিজৰ মৰণ নিজে মাটি আনে। অৰ্থাৎ সমূলি- পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্ট নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। এনে লোকে লোভৰ বশবর্তী হৈ নিজৰ মৰণ নিজে চপাই লয়।

(গ) ফকৰা-যোজনা নাজানিলে বা নিশিকিলে কি হয়?

উঃ- যিসকল লোকে ফকৰা-যোজনা নিশিকে বা নাজানে তেওঁলোক বুদ্ধিত অতি দৰিদ্ৰ হয়। বুদ্ধিয়ক লোকে কথা কওঁতে বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্রত বহুতো ফকৰা-যোজনাৰ ব্যৱহাৰ কৰে। ইয়াৰদ্বাৰা ভাষাৰ সৌষ্ঠব বৃদ্ধি হয়। গতিকে ফকৰা-যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টোকোনা হয় বুলি কবিয়ে কৈছে।

৫। বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা।







উঃ-
 পোহৰ ------> আন্ধাৰ
অসাধ্য -------> সাধ্য
নির্লোভ ------> লোভ
জটিল - ------> সহজ
বেছি --------> অলপ
মিছা --------->সঁচা


৬। পাঠত তোমালোকে "হুৱা-দুৱা লাগে। বৰষুণ সৰে, আনহাতে , কথা শুনে" আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আল তলৰ শব্দবোৰৰ লগত খাপখোৱা শুদ্ধ ক্রিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা

যেনে- কলম (ধৰে/লয়) = কলম ধৰে।

(ক) চেপা (মাৰে/পাতে)................
(খ) ঢেঁকী (বান্ধে/দিয়ে)...............
(গ) পাচি (গড়ে/সাজে)...............
(ঘ) খেল (কৰে/খেলে).............
(ঙ) মৰম (লাগে/ধৰে)..............

উঃ- 

(ক) চেপা পাতে।
(খ) ঢেঁকী দিয়ে।
(গ) পাচি সাজে।
(ঘ) খেল খেলে।
(ঙ) মৰম লাগে।

৭। 'জতুৱাৰ জঁট' কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ 'উলিয়াই একোটাকৈ বাক্য সাজা।

উঃ- 
(ক) নপতা ফুকন :-(নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা)- যদুমণি 
                          নপতা ফুকন হ'লেও তাৰ কথা কোনেও নুশুনে।

(খ) আলাসৰ লাডু :-(অতি মৰমৰ) আলাসৰ লাড্ডু। জোনমণি  
                               মাক-দেউতাকৰ

(গ) অহুকাণে-পহুকাণে:- (আৰ তাৰ পৰা ঘুনুক ঘানাককৈ)
                                   অহুকাণে-পহুকাণে তাইৰ বিয়াৰ খবৰটো        
                                    চাৰিওফালে বিয়পি পৰিল।

(ঘ) গা-নচুৱাই ফুৰা :- (কাম-বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি 
                               ফুৰা) - তাৰদৰে গা নচুৱাই ফুৰা মানুহক   
                              কোনেও ভাল নাপায়।

(ঙ) ঘিট্ মিট্:- (বৰ বেছি অন্ধকাৰ) আন্ধাৰ হয়। অমাবস্যাৰ নিশা ঘিটমিটীয়া

৮। এটা শব্দত প্রকাশ কৰা:









উত্তৰ:-









৯। জতুৱা ঠাঁচৰ অৰ্থ জানো আহা-














১০ । অধিক জানিবৰ বাবে:-




















১১। তৰা নৰা ছিঙি, আলৈ আথানি, বাট ল'লে, আলাসৰ লাডু এই জতুৱা ঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্রস্তুত কৰা।
উঃ- বিমলৰ জীৱিকা উপাৰ্জনৰ এক মাত্র পথ হৈছে খিৰতী গাই কেইজনী। এদিনাখন ৰাতি পাহাৰৰ পৰা নাহৰ ফুটুকী বাঘ নামি আহি বিমলৰ গোহালিত সোমাল। বিমলে জোৰ লৈ বাঘ খেদিবলৈ অহাত বাঘে তৰা নৰা ছিঙি পলাল। বিমলে দেখিলে যে বাঘে গোটেই গোহালিটো আলৈ আথানি কৰি পেলাইছে। সি লগৰীয়াৰ সতে লগ হৈ বাঘ খেদিবলৈ পাহাৰলৈ বাট ললে, লগৰীয়াবোৰে ক'লে গাইকেইজনী বিমলৰ আলাসৰ লাড্ডু।
অধিক জানিবৰ বাবে:-














১২। তলৰ যোজনা দুফাকিৰ অৰ্থ বুজাই লিখা।

(ক) আপদৰ মাত আকালৰ ভাত।

উত্তৰ:-

বিপদৰ বন্ধুহে প্ৰকৃত ৱন্ধু। বিপদৰ সময়তহে মানুহক মানুহৰ প্ৰয়োজন হয়। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়, বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুত সকাহ পায়, সাহস বাড়ে। সেইদৰে আকালৰ সময়ত এমুঠি ভাত দি সদায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদৰ সময়ত এষাৰ মাত দিয়া আৰু আকালৰ সময়ত এমুঠি ভাত দিয়া দুয়োটাই পৰম ধৰ্ম আৰু মহৎ উপকাৰ। সেৱাই প্ৰকৃত মানৱ ধৰ্ম।

(খ) কথাতে বঁটা পায়, কথাতে কটা যায়।

উত্তৰ:-

মানুহে কথাৰে তাৰিবও পাৰে, কথাৰে মাৰিবও পাৰে। মানুহে কথা ক'ত, কেনেকৈ ক'ব লাগে বা কি পৰিস্থিতিত কেনেভাৱে কথা ক'ব লাগে তাক জনা উচিত। যেতিয়াই তেতিয়াই যিহকে তিহকে কথা কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ আৰু সময়োপযোগীকৈ সজাই-পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি লব পাৰি, তাকে কথাত বঁটা পোৱা বুলি ক'ব পাৰি। কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্রিয় হ'ব লগা হয়। ফলত শত্রু বাঢ়ে আৰু বিপদো-আহে। তাকেই কটা যোৱাৰ লগত তুলনা কৰিব পাৰি। সেয়েহে সদায় জোখ-মাখ কৰি কথা ক'ব লাগে।
১৩। তোমাৰ জ্যেষ্ঠজনে বিভিন্ন সময়ত প্ৰসংগক্রমে ব্যৱহাৰ কৰা কথাৰ ঠাঁচ বা শৈলী সংগ্ৰহ কৰি পঢ়ি শুনোৱা আৰু অর্থ বুজাই কোৱা। উঃ- (তোমালোকে নিজে নিজে ক'বলৈ চেষ্টা কৰিবা।)

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। নপতা ফুকনে কি কি কৰিছে?

উঃ- নপতা ফুকনে আকাশত চাং পাতি ফুৰিছে অৰ্থাৎ অস্বাভাৱিক কল্পনা কৰি ফুৰিছে আৰু ঘুনুক ঘানাককৈ বহু কথা শুনিছে।

২। অঁকৰা মৈত উঠিলে কেনেকুৱা অবস্থা হয়?

উঃ- অঁকৰা মৈত উঠিলে চাৰিওফালে হুৱা-দুৱা লাগে। তাক মৈৰপৰা নুমুৱাব সাধ্য কাৰো নাথাকে। অর্থাৎ কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ বাবে হাই-উৰুমিৰ সৃষ্টি হয়। কিন্তু তেনেধৰণৰ ব্যক্তিক কোনেও একো বুজাবও নোৱাৰে।

৩। আঁঠুৱাৰ তলৰ মহক সঁচাই অঁকৰা বুলি কিয় কৈছে?

উঃ- আঁঠুৱাৰ তলৰ মহৰ অৰ্থ হৈছে সমূলি পৰৰ অধীন মানুহ। তেনে মানুহৰ নিজা স্বাধীনতা একো নাথাকে। পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। সেইবাবে তেনে লোকক আঁকৰা বুলি কৈছে।

৪। গোট গৰুৰ কেনেকুৱা অৱস্থা হয়?

উঃ- গোট গৰু অৰ্থাৎ সম্পূৰ্ণ ৰূপে মূর্খ মানুহৰ সদায় আলৈ আথানি হয়। তেওঁলোক আশ্রয়হীন হয়। তেওঁলোকৰ খাবলৈ বা থাকিবলৈ ঠাই নোহোৱা হয়। যদি ছাত্র-ছাত্রী গোটগৰু হয় তেতিয়া তেওঁলোকে পৰীক্ষাৰ বহীত সদায় শূন্য পায়।

Thank You Mubarak Hussain

Thank You Mubarak Hussain!

Your help in writing the content is truly appreciated! You're amazing!

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !