প্ৰাকৃতিক দুৰ্যোগ - Class 7 Assamese Lesson 13 Question Answer | SCERT Assam

OSPIN ACADEMY
0
NCERT Solutions - Classes 6 to 10

Welcome to Ospin Academy

Your one-stop solution for NCERT answers from Classes 6 to 10

NCERT Solutions

Get Free NCERT PDFs

If you want to download free PDFs of any chapter from any subject, click the link below and join our WhatsApp group (যদি তুমি যিকোনো বিষয়ৰ বিনামূলীয়া PDF ডাউনলোড কৰিব বিচৰা তেন্তে তলৰ লিংকটোত ক্লিক কৰা আৰু আমাৰ WhatsApp গ্ৰুপটো Join কৰা):

Buy Our Courses

Enroll in our comprehensive courses for Classes 6 to 10 to enhance your learning and ace your exams!

Buy Courses Now

 বিষয়ঃ অসমীয়া

শ্ৰেণীঃ সপ্তম (VII)


অধ্যায় – 13

প্ৰাকৃতিক দুৰ্যোগ 

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ


উত্তৰ দিয়া:


(ক) অসমত প্রলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি?

উত্তৰ:- অসমত প্রলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা হৈছে ১৯৫০ আৰু ১৮৯৭।


(খ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল?

উত্তৰ:- ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ।


(গ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল?

উত্তৰ:- ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যৰ ভূজ অঞ্চলত ভূমিকম্প হৈছিল।


(ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল?

উত্তৰ:- ১৯৫০ চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্রকোপ বাঢ়িল।


২। তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা।

(ক) চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল?

উত্তৰ:- ১৮৯৭ চনত অসমত এটা প্রলয়ংকৰী ভূমিকম্প হৈছিল। এই ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল খাচীয়া জয়ন্তীয়া পাহাৰ। এই ভূঁইকঁপটোৰ ফলতেই বর্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকৰ্ষণৰ স্থান চানডুবি বিলৰ সৃষ্টি হৈছিল। চানডুবি বিল আচলতে এসময়ত পাহাৰ আছিল। এই বৰভূঁইকঁপৰ ফলতেই ই এখন বিলত পৰিণত হ'ল। ভূঁইকঁপৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল।


(খ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল?

উত্তৰ:- ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত বিভিন্ন ধৰণৰ পৰিবৰ্তন হৈছিল। এই ভূমিকম্পই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। ইয়াৰ ফলত অসমত প্রলয়ংকৰী বাপপানী হৈছিল আৰু বহু নদীৰ গতিপথ সলনি হৈছিল।


(গ) ছুনামি কি?

উত্তৰ:- ছুনামি এটা প্রাকৃতিক দুর্যোগ। পৃথিৱীৰ বিভিন্ন ঠাইত ভূঁইকঁপ হোৱাৰ দৰৈ সাগৰপৃষ্ঠটো ভূমিকম্প হয়। সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীৰ ওপৰত প্ৰবল ঢৌৰ সৃষ্টি হয়। ইয়াকে ছুনামি বুলি কোৱা হয়।


(ঘ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৰ পেলাইছিল?

উত্তৰ:- ২০০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে সাগৰত হোৱা এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক মহাপ্রলয়ৰ সৃষ্টি কৰিছিল। ভাৰত মহাসাগৰত হোৱা এই ছুনামিটোৱে শ্ৰীলংকা, ইণ্ডোনেছিয়া আদি দেশৰ লগতে ভাৰতৰ তামিলনাড়ু, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি ঠাইত প্ৰভাৱ পেলাইছিল।


৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা।

পাহাৰ ,আনন্দ ,বনভোজ‌ ,আতংক ,চানডুবি বিল, ভূমিকম্প

উত্তৰ:- 

পাহাৰ :- গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰী সূৰ্য পাহাৰ এখন ধুনীয়া পর্যটন স্থলী।

বনভোজ :- কামৰূপ জিলাৰ চানডুবি বিললৈ বহুলোক বনভোজ খাবলৈ যায়।

চানডুবি বিল :-' বনভোজৰ অন্যতম আকৰ্ষণৰ স্থলী চানডুবি বিল  আচলতে এসময়ত পাহাৰ আছিল। :

আনন্দ:- বনভোজ খাবলৈ গ'লে সকলোৰে মন আনন্দত মতলীয়া হয়।

আতংক :- নৰখাদক বাঘটোৱে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। 

ভূমিকম্প :- ভূমিকম্পৰ সময়ত মানুহবোৰ মুকলি ঠাইলৈ ওলাই আহিব লাগে।


৪। উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অভিধান চাই অর্থ জানি লোৱা।








উক্ত শব্দকেইটাৰ অৰ্থ হ'ল-

সাৱধানতা। — ততোৱাল গুণ, তত, মন দিয়া গুণ, সাৱধানে।

বিচ্ছিন্নতা — সংযোগহীনতা।

বিভিন্নতা — পার্থক্য, প্রভেদ।

বিশালতা — বৃহত্ত্ব, প্রকাণ্ড অবস্থা।

প্ৰসাৰতা। — বিস্তাৰিত।

৫। তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা।


ফৰিদা — হেৰা মনু, তুমি কেনেকৈ যাবা?

মনু — বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ।

ফৰিদা — পিছে মই এতিয়া নাযাওঁ দিয়া।

মনু — বাৰু, হ'ব দিয়া।

ফৰিদা — উত্তৰ:, আজি যে কি গৰম! মনু, মোক ঠাণ্ডা পানী এগিলাচ

                দিবা নে?

মনু — হয়, দিছোঁ ৰ'বা।

ফৰিদা — তুমি কাৰ লগত বজাৰলৈ যাবা?

মনু —- মই আৰু শেৱালি একেলগে যাম।


উত্তৰ:- উক্ত বাক্যকেইটাত থকা অব্যয় পদবোৰ হ'ল - হেৰা, বা, পিছে, বাৰু, উত্তৰ:, কেনেকৈ, এতিয়া, নে, হয়, আৰু, বুলি,যে ।


৬। পাঠত থকা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।

উত্তৰ:- পাঠত থকা যুৰীয়া শব্দবোৰ উল্লেখ কৰা হ'ল- জীৱ-জন্তু, সা-সম্পত্তি, হানি-বিঘিনি, ঘৰ-দুৱাৰ, ৰাস্তা-পদূলি, চহৰ-নগৰ, উঠা-নমা, ক্ষয়-ক্ষতি, আলৈ-আহুকাল।

৭। তোমালোকে ভূমিকম্প, বানপানী আৰু ধুমুহা-বতাহ আদন পৰা পোৱা অভিজ্ঞতাসমূহ শ্রেণীকোঠাত কোৱা।

উত্তৰ:- (তোমালোকে কোৱা।)


৮। ভূমিকম্পৰ সময়ত মাৰা-দেউতাৰাই তোমালোকক কি কি কৰিবলৈ কয়?

উত্তৰ:- ভূমিকম্পৰ সময়ত আমি কিছুমান সাবধানতা লব লাগে। ভূমিকম্পৰ সময়ত আমি মুকলি ঠাইলৈ ওলাই আহিব লাগে। পকীঘব বা বহুমহলীয়া অট্টালিকাৰ ভিতৰত থাকিলে বিছনা বা মেজৰ তলত আশ্রয় লব লাগে। মূলঘৰৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰি দিব লাগে। ডাঙৰ গছৰ তলত আশ্রয় লব নালাগে। জোকাৰণি নকমালৈকে একেঠাইতে থাকিব লাগে।


৯। তলৰ ছবিখন চোৱা আৰু তাত দেখা দৃশ্যৰ আলমত পাঁচশাৰী বাক্য লিখি ছবিখনৰ নামকৰণ কৰা।




উত্তৰ:- মহানগৰীৰ কৃত্রিম বানপানী

১। ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ বাট-পথ সকলো জলমগ্ন হৈ পৰিছে।

২। ইয়াৰ ফলত স্কুলীয়া ছাত্র-ছাত্রী, অভিভাৱক, বয়সস্থ লোক আৰু পথচাৰীসকল নানা আহুকালৰ সম্মুখীন হৈছে।

৩। পানীৰ বাবে বহুতো গাড়ী-মটৰ মাজবাটতে ৰৈ যাবলগীয়া হৈছে ।

৪। বাটৰ কাষৰ নলা-নর্দমাৰ পানী চাৰিওফালে একাকাৰ হৈ পৰিছে।

৫। ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত সাধাৰণ জনতা বিভিন্ন খস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে


১০। ভূমিকম্পৰ ধ্বংসলীলা বা বানপানীৰ ধ্বংসলীলা সম্পর্কে বর্ণনা কৰি প্রত্যেকেই একোটা কবিতা, গল্প বা দফা একোটা প্রস্তুত কৰা।

উত্তৰ:- (তোমালোকে নিজে কৰা।)


১২। চাৰি/পাঁচজনীয়া দলত ভাগ হৈ প্রাকৃতিক দুর্যোগৰ ছবিসমূহ (পুৰণি আলোচনী, বাতৰি কাকতৰ পৰা) সংগ্ৰহ কৰি এখন চার্ট প্রস্তুত কৰা আৰু শ্ৰেণীকোঠাত আঁৰি থোৱা।

উত্তৰ:- (তোমালোকে নিজে কৰা।)


১৩। প্রাকৃতিক দুর্যোগ (বানপানী/ভূমিকম্প)ৰ সময়ত ল'বলগা সাবধানতা সম্পর্কে লিখি পোস্টাৰ প্ৰস্তুত কৰা (দলীয় ভাবে)।

উত্তৰ:- তোমালোকে নিজে কৰিবা।)


পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ


১। ইটামান প্রাকৃতিক দুর্যোগৰ নাম লিখা।

উত্তৰ:- কেইটামান প্রাকৃতিক দুর্যোগ হৈছে-বানপানী, ভূমিকম্প, ধুমুহা, ঘূর্ণীবতাহ, বনজুই আদি।


২। ২০০১ চনৰ ২৬ জানুৱাৰীৰ দিনা পৃথিবীৰ বিভিন্ন প্ৰচাৰ মাধ্যমে কঢ়িয়াই অনা দুঃসংবাদটো কি আছিল?

উত্তৰ:- ২০০১ চনৰ ২৬ জানুৱাৰীৰ দিনা পৃথিৱীৰ বিভিন্ন প্ৰচাৰ মাধ্যমে কঢ়িয়াই অনা দুঃসংবাদটো হ'ল- ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ উৎসৱত মতলীয়া হৈ থকা অজস্র মানুহক ভূমিকম্পৰ এক প্রবল জোকাৰণিয়ে পলকতে নিঃশেষ কৰি পেলাইছিল। গুজৰাটৰ ভুজ অঞ্চলৰ এই ঘটনাই পৃথিৱীৰ সকলোকে মর্মাহত কৰিছিল।


৩। ১৮৯৭ চনৰ প্রলয়ংকৰী ভূমিকম্পই অসমত কিদৰে ধ্বংসলীলা চলাইছিল?

উত্তৰ:- ১৮৯৭ চনৰ প্ৰলয়ংকৰী ভূমিকম্পই অসমত ধ্বংসলীলা চলাইছিল। এই ভূমিকম্পটোৰ উৎপত্তি স্থল আছিল খাছীয়া জয়ন্তীয়া পাহাৰ। বৰ্তমান কামৰূপ জিলাৰ বনভোজৰ অন্যতম আকর্ষণস্থলী চালডুবি বিল এই ভূমিকম্পৰ ফলতেই সৃষ্টি হৈছিল। আচলতে চানডুবি বিল এসময়ত পাহাৰ আছিল। ভূমিকম্পৰ ফলত কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল।

 

 

Thank You Mubarak Hussain

Thank You Mubarak Hussain!

Your help in writing the content is truly appreciated! You're amazing!

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You

Thank You

Post a Comment (0)
Our website uses cookies to enhance your experience. Learn More
Accept !